বেইমান ল’ৰাটোৰ কথাৰে,,,,,
নৱযানী বৰুৱা শইকীয়া,
ডিগবৈ
মহোদয়া , চূড়ান্ত বেইমান ল’ৰাটোৰ প্ৰেমত পৰিছে নেকি ?
মহোদয়া,
আপোনাৰ সৰ্বস্ব হৰণ কৰিব পাৰে সি!
নিদ্ৰা সুখ শান্তি অথবা আপোনাৰ ধন দৌলত।
আপোনাক প্ৰেমৰ জালত পেলাই
আপোনাৰ কোমল মগজুত সোমাই
আপোনাৰ দুৰ্বল অংশত হাত ৰাখি
আপোনাক নিজৰ বুলি দাবী কৰা সেই বেইমান
ল’ৰাটোৰ প্ৰেমত পৰিছে নেকি মহোদয়া ?
সি সঘনাই সলনি কৰিব পাৰে ঠিকনা।
সলনি কৰিব পাৰে মোবাইল নম্বৰ, ফেচবুক আই দি ,
টুইটাৰ আই দি, ইনস্ত্ৰগ্ৰাম ইত্যাদি।
সঘনাই সলনি কৰিব পাৰে আপোনাৰ দৰে বহুজনী প্ৰেমিকা ।
চলাহী মিঠা মিঠা লগা কথাত,
আপুনি বাৰু নিজক হেৰুৱাই পেলাইছে নেকি মহোদয়া ?
ভৰিব লগা হ’ব পাৰে আপোনাৰ হাজাৰ হাজাৰ
টকা, গহনা, কাপোৰ কিম্বা মোবাইল লেপটপ।
আপুনি উপহাৰ দিয়া মোবাইলত
সি ৰাখিব পাৰে তাৰ বহুপ্ৰেমিকাৰ নগ্ন ছবি ।
তাৰপিছতো কিন্তু নেভাবিব আপুনি তেওঁৰ একমাত্ৰ প্ৰিয়তমা !
আপোনাৰ কলিজাত ভৰি থৈ
সি আগুৱাই যোৱাৰ কথা ভাবিব,
আপোনাৰ কান্ধত বন্দুক থৈ সি এটাৰ পিছত এটাকৈ সকলো কৰি যাব ।
নেভাবিব মহোদয়া
আপুনি যে তেওঁক ৰোধিব পাৰিব !
তেজ লগা বাঘৰ জিভাৰ দৰে
সি জুতি লৈ যাব পাৰে এজনী দুজনী বহুজনী প্ৰেমাস্পদৰ,,,,,
মহোদয়া,
নিৰ্জু চাৱনিত আপুনি বাৰু কেতিয়াবা নিজক বিলীন কৰিছে নেকি ?
নকৰিব !
ক্ষন্তেক পিছতেই সি হিংস্ৰ জন্তুৰ দৰে জপিয়াই পৰিব।
এফালৰ পৰা ফেনেকি মোহাৰি তাৰ ভোক গুচাই
অতি সন্তৰ্পনে আঁতৰি যাব পুনৰ নতুন এটা চিকাৰ বিচাৰি।।
বেইমান লৰাবোৰ কেতিয়াও কাৰো হোৱা নাই মহোদয়া,
সিহঁতৰ মুখত ফুটা আখৈযেন শপতনামাখন পঢ়ি,
বিশ্বাসত লোৱাৰ ভুল কৰিছে নেকি ?
নকৰিব !
শপতনামাৰ অন্য পৃষ্ঠা লুটিয়াই চালেই
আপোনাক কব পাৰে,,,,
উভতি যা গৈ যা
তোৰ মোৰ পথ ইয়াতেই সমাপ্ত।।