ধিঙত কবি আশুতোষ বিশ্বাসৰ কাব্যগ্ৰন্থ ‘তৃষ্ণাতুৰ জীৱন’ৰ শুভ উন্মোচন
মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ধিং জাগৰণ সাহিত্য গোষ্ঠীৰ সৌজন্যত আৰু ধিং প্ৰেছ ক্লাৱৰ সহযোগত আজি অনুষ্ঠিত হৈ যায় কবি আশুতোষ বিশ্বাসৰ কাব্যগ্ৰন্থ ‘তৃষ্ণাতুৰ জীৱন’ৰ শুভ উন্মোচনী অনুষ্ঠান। এগচি বন্তি প্ৰজ্বলেনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰুণ দেৱনাথে৷ ইয়াৰ পাছতেই সাংবাদিক নৃপেন বৰাই আঁতধৰা অনুষ্ঠানটিৰ সঞ্চালনা কৰে জাগৰণ সাহিত্য গোষ্ঠীৰ মুখ্য উপদেষ্টা ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়াই। কবি তথা শিল্পী গুনজিৎ মজুমদাৰৰ এটি গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত ডাঃ ঠেঙাল শইকীয়াই প্ৰকাশ কৰি উলিওৱা আশুতোষ বিশ্বাসৰ “তৃষ্ণাতুৰ জীৱন” শীৰ্ষক কাব্যগ্ৰন্থখনি উন্মোচন কৰি পশু পালন আৰু পশু চিকিৎসা বিভাগৰ গৱেষক বিষয়া তথা কবি-সাহিত্যিক ডাঃ বিজুজ জাহান চালেহা বেগমে কয় যে “কবিতা হৈছে এক অভিনৱ শিল্পকৰ্ম। শব্দৰ লালিত্যপূৰ্ণ আৰু চমৎকাৰ কৌশলগত প্ৰয়োগে কবিতাক এক বিশেষ মাত্ৰা প্ৰদান কৰে আৰু নিৰ্বাচিত ছন্দৰ প্ৰয়োগে কবিতাক এক বিশেষভাৱে নিৰ্মাণ কৰে।” কবি আশুতোষ বিশ্বাসে শৈশৱৰ পৰাই কেনেদৰে প্ৰকৃতি, গছ, লতা, মানুহৰ মৰমৰ বাবেই কবিতাৰ প্ৰেমত পৰিছিল, সেই বিষয়ে চমুকৈ বৰ্ণনা কৰে। প্ৰকাশক ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়াই কয় যে সকলোকে সহায়ৰ হাত আগবঢ়াই আগুৱাই লৈ যোৱাটোৱেই হৈছে মানৱ জীৱনৰ কৰ্তব্য। ধনৰ অভাৱত নিজৰ প্ৰতিভা বিকাশত পিছপৰি থকাসকলৰ কিতাপ কিনি, পঢ়ি তেওঁলোকক সন্মান জনাই আগুৱাই লৈ যোৱাটোৱেই হ’ব আমাৰ সকলোৰে কৰণীয়। ধিং পাব্লিক হাইস্কুলৰ প্ৰেক্ষাগৃহত পুৱা ১১ বজাত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি কাব্য আৰু সাহিত্যৰ ওপৰত বক্তব্য আগবঢ়ায় ক্ৰমে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা আৰু ধিং প্ৰেছ ক্লাৱৰ সভাপতি ৰাজীৱ নেওগে। অনুষ্ঠানটিত কবি ক্ৰমে ক্ষীৰধৰ নাথ, প্ৰেমেশ্বৰ ঠাকুৰীয়া, কৰবী শইকীয়া, পল্লবী শৰ্মা, পবিত্ৰী ভৰালী, নিত্যানন্দ বৰা, গুনজিৎ মজুমদাৰ, খাইৰুল ইছলাম, প্ৰদীপ দে চৰকাৰ, ৰেহেনা বেগম, ইলোৰা কাকতি, জুনুমনি বৰা, ৰাজীৱ দাস, মহৰ্ষি প্ৰতিম বৰা আৰু চন্দন কাকতিকে ধৰি দুকুৰীৰো অধিক কবিয়ে৷ তদুপৰি শিল্পী ৰাজীৱ কুমাৰ মহন্তৰ গীত পৰিৱেশন আৰু ভিন্ন ভাৱৰ কবিতাৰে জীপাল কৰা অনুষ্ঠানটিত জাগৰণ সাহিত্য গোষ্ঠীৰ সভাপতি মুকুল বৰা, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নগাঁও জিলাৰ সভাপতি বুধেন বৰা, মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ স্বত্বাধিকাৰী খাইৰুল ইছলামকে ধৰি গোষ্ঠী আৰু প্ৰেছ ক্লাৱৰ সকলো সদস্যৰ লগতে প্ৰায় শতাধিক সাহিত্যপ্ৰেমী উপস্থিত থাকে৷