ওদালগুৰি জিলাত সত্ৰ আয়োগৰ বৈঠক 

ওদালগুৰি জিলাত সত্ৰ আয়োগৰ বৈঠক 

সত্ৰাধিকাৰ প্ৰয়াত হৰেকৃষ্ণ মহন্তৰ দ্বাৰা প্ৰতিষ্ঠিত বঙ্গাজুলি মূল সত্ৰকে ধৰি একাধিক শাখা সত্ৰ পৰিদৰ্শন অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সত্র ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটি দলে ওদালগুৰিৰ ঐতিহাসিক বৰঙ্গাজুলি মূল সত্ৰৰ লগতে বহুকেইখন শাখা সত্ৰ পৰিদৰ্শন কৰি সত্ৰসমূহে সন্মুখীন হৈ অহা ভূমি সমস্যা, চাৰিসীমাৰ বেৰা, পথ উন্নয়ন আদি বিভিন্ন সমস্যাৰ বুজ লয় । আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্রদীপ হাজৰিকাৰ নেতৃত্বত যোৱা সজাতি দলটিয়ে উদালগুৰি জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক বৈঠকত অংশগ্ৰহণ কৰি জিলাখনৰ মূল সাতখন সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰেবৈঠকত শ্ৰীহাজৰিকাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান আৰু কৰ্মস্থন নগাঁও আৰু বৰপেটাৰ সত্ৰসমূহ বৰ্তমান বেদখলকাৰীৰ কবলতএই সমূহক উদ্ধাৰ কৰিবৰ বাবেই অসম সত্ৰ আয়োগে সমগ্ৰ অসমৰ সত্ৰসমূহৰ ক্ষেত্রভিত্তিক অধ্যয়ন কৰি আছে বুলিও অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। অধ্যক্ষগৰাকীৰ সৈতে আয়োগৰ পৰামৰ্শদাতা মাধৱ প্ৰসাদ শৰ্মা আৰু অতুল দাসে আয়োগৰ হৈ অংশগ্ৰহণ কৰে। বৈঠকত অতিৰিক্ত জিলা উপায়ুক্ত বিৰাজ বৰুৱা, ৰাজহ চক্ৰ বিষয়াসকলৰ লগতে জিলা প্ৰশাসনৰ বহুকেইগৰাকী বিষয়াই  অংশগ্ৰহণ কৰে।  উল্লেখযোগ্য যে, বিভিন্ন জাতি-জনগোষ্ঠী-ভাষা নির্বিশেষে ৩৪খন শাখা সত্ৰৰ মূল সত্ৰ বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ো আৰু পৰিচালনা সমিতিৰ সদস্যসকলে আয়োগৰ দলটিক সসন্মানেৰে আতিথ্য কৰে ৷ একেদৰে বেঙাবৰা শ্ৰীমন্ত শংকৰদেৱ সত্ৰতো সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকাৰ তত্বাৱধানত গুৰু জনাৰ নাম কীর্তনেৰে আয়োগৰ দলটিক আদৰণি জনাই এখন সভাৰ আয়োজন কৰে। সভাত আয়োগৰ অধ্যক্ষ শ্ৰীহাজৰিকাই সত্ৰখনৰ অভাৱ অভিযোগৰ বুজ লৈ কাষতে থকা ১ বিঘা মাটি সত্ৰৰ নামত কৰিবলৈ মঙলদৈৰ চক্ৰ বিষয়াক আহ্বান জনায় ৷ লগতে ঔতলা পঞ্চায়তৰ সভাপতি কৌশিক ডেকাক সত্ৰলৈ সোমাই যোৱা পথটোৰ উন্নয়নৰ কাম আগবঢ়াবলৈও আহ্বান জনায়উভতনি যাত্ৰা পথত আয়োগে ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আৰু শ্ৰী শ্ৰী ৰৌতা সত্ৰখনিও পৰিদৰ্শন কৰে