ৰংঘৰত ধৰ্মীয় চিহ্ন লগাই বিকৃতকৰণ কৰা কাৰ্যক গৰিহণা তৃণমূল কংগ্ৰেছৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ছশ বছৰীয়া আহোম ৰাজত্বৰ ধ্বজাবাহক , অসমীয়াৰ স্বাভিমান ৰংঘৰত ধৰ্মীয় চিহ্ন লগাই বিকৃতকৰণ কৰা কাৰ্যক অসম তৃণমূল কংগ্ৰেছ দলৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই গৰ্হিত কাৰ্য বুলি অভিহিত কৰে ৷ এনেকৈ জাতীয় সম্পদ এটাক ধৰ্মীয় প্ৰলেপ সানিবলৈ যোৱা কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ অসম তৃণমূল কংগ্ৰেছ দলে দাবী জনায় । লগতে এনেকুৱা গৰ্হিত কাৰ্যৰ বাবে অসম চৰকাৰক অসমীয়া ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈও দাবী কৰে ৷