দিল্লীৰ যন্তৰ-মন্তৰত মহিলা মল্লযোদ্ধা সকলৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ প্ৰতি সংহতি প্ৰকাশ,বিক্ষোভ

দিল্লীৰ যন্তৰ-মন্তৰত মহিলা মল্লযোদ্ধা সকলৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ প্ৰতি সংহতি প্ৰকাশ,বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা-  অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ সৰ্বভাৰতীয় কমিটীৰ আহ্বানত দিল্লীত মহিলা মল্লযোদ্ধা সকলৰ ওপৰত বিজেপিৰ সাংসদ তথা ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ সভাপতি ব্ৰীজভূষণ চাৰণ সিংঙে চলোৱা যৌন নিৰ্যাতনৰ নিৰ্লজ্জ কাৰ্যৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধা সকলে সংগঠিত কৰি থকা আন্দোলনৰ প্ৰতি সংহতি জনাই সৰ্বভাৰতীয় প্ৰতিবাদ দিৱস পালিত হয়। সংগঠনৰ সৰ্বভাৰতীয় কমিটীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই অসমতো জিলাই জিলাই প্ৰতিবাদী দিৱস পালিত হয়। এই উপলক্ষে গুৱাহাটীতো এ আই এম এছ এছৰ ৰাজ্যিক কমিটীৰ উদ্যোগত আৰু ছাত্ৰ সংগঠন অল ইণ্ডিয়া ডি এছ অ’ৰ সহযোগত বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰা হয়। এ আই এম এছ এছৰ ৰাজ্যিক সভানেত্ৰী ডাঃ চিত্ৰলেখা দাস আৰু সম্পাদিকা অধ্যাপিকা বৰ্ণালী শৰ্মাৰ পৰিচালনাত গুৱাহাটীত সংগঠিত প্ৰতিবাদী কাৰ্যসূচী উপলক্ষে সংগঠনৰ কৰ্মী সকলে হাতে হাতে বেনাৰ,দাবী সম্বলিত প্লেকাৰ্ড লৈ মহানগৰীৰ উলুবাৰী ভলভ’ প’ইণ্টৰ ওচৰত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰে। প্ৰতিবাদী সকলে মহিলা মল্লযোদ্ধা সকলক যৌন নিৰ্যাতন চলোৱা বিজেপি সাংসদ ব্ৰিজভূষন চাৰণ সিঙক অবিলম্বে গ্ৰেপ্তাৰ কৰক, মহিলা মল্লযোদ্ধা সকলৰ ওপৰত যৌন নিৰ্যাতন চলোৱা ৰেষ্টলিং ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষন চাৰণ সিঙক গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত মূলক শাস্তি দিয়ক ইত্যাদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে। বিক্ষোভকাৰী সকলৰ সম্মুখত বক্তব্য ৰাখে মহিলা সাংস্কৃতিক সংগঠনৰ ৰাজ্যিক সভানেত্ৰী ডাঃ চিত্ৰলেখা দাস আৰু এ আই ডি এছ অ’ৰ ৰাজ্যিক সম্পাদক হেমন্ত পেগুৱে।