তৃতীয় বৰ্গৰ সহায়ক পদত্ত অনুকম্পা মূলক নিযুক্তি

তৃতীয় বৰ্গৰ সহায়ক পদত্ত অনুকম্পা মূলক নিযুক্তি

দিশপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়ে লক্ষীপ্রভা টাইদৰ হাতত অনুকম্পামূলক নিযুক্তি পত্ৰ প্ৰদান কৰে। এই নিযুক্তি পত্ৰ সঞ্চালকৰ কাৰ্যালয় কক্ষত প্ৰদান কৰা হয়। তেওঁক চৰাইদেউ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ তৃতীয় বৰ্গৰ সহায়ক হিচাপে নিযুক্তি প্রদান কৰা হয়। উল্লেখযোগ্য যে লক্ষীপ্ৰভা টাইদৰ পিতৃ স্বৰ্গীয় হেমচন্দ্ৰ নৰহ টাইদৰ ধেমাজি জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত উদ্ভাৱক (অপাৰ্টে) পদত কৰ্মৰত অবস্থাতে ২০০৫ চনৰ ৩০ আগষ্টত মৃত্যু হৈছিল। নিযুক্তি পত্ৰ প্ৰদানৰ সময়ত অতিৰিক্ত সঞ্চালক প্ৰদীপ কুমাৰ ব্ৰহ্ম আৰু উপ-সঞ্চালক প্ৰাণজিৎ হাজৰিকা উপস্থিত থাকে।