ৰান্ধনীৰ ক্ষেত্ৰত চৰকাৰে নিজেই নিৰ্ধাৰণ কৰা শ্ৰমিকৰ নূন্যতম মজুৰিৰ নিৰিখো মানি চলা নাই: আম আদমি পাৰ্টি

Pc Wikipedia

ৰান্ধনীৰ ক্ষেত্ৰত চৰকাৰে নিজেই নিৰ্ধাৰণ কৰা শ্ৰমিকৰ নূন্যতম মজুৰিৰ নিৰিখো মানি চলা নাই: আম আদমি পাৰ্টি

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ অসমৰ সহজ-সৰল জনতাক আৰু কিমান দিনলৈ প্ৰতাৰণা কৰি থাকিব? এই প্রশ্ন আম আদমি পাৰ্টাৰ৷ অসমত হাজাৰ হাজাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ- ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন প্ৰস্তুত কৰা ১ লাখ ১৮ হাজাৰ ৰান্ধনীক বছৰ বছৰ ধৰি দৈনিক মাত্ৰ ৩৩ টকাকৈ প্ৰদান কৰি বিজেপি চৰকাৰে যিকোনো কামৰ মৰ্যাদাকে লাঘৱ কৰা নাই। এক অর্থনৈতিক অপৰাধো কৰি আছে। ২০১০ চনৰ পৰা প্ৰতিগৰাকী ৰান্ধনীক মাহে ১০০০ টকাকৈ ২০২২ চন পর্যন্ত দি নিৰ্বাচনৰ পূৰ্বে আৰু ৫০০ টকা বঢ়াই দিয়াৰ প্ৰতিশ্ৰুতিৰে বিজেপিয়ে তেওঁলোকৰ পৰা ভোট আদায় কৰি ল’লে। মাত্র তিনি মাহ তেওঁলোকক ১৫০০ টকাকৈ দি যোৱা পাঁচ মাহে ৰান্ধনীসকলক বিনা মাননিৰে খটুৱাই থকা কাৰ্য পৰিহণাযোগ্য। আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা০ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে এক বৃহৎ সংখ্যক চৰকাৰী কৰ্মীক দৈনিক মাত্র ৩৩ টকা যাননি দি অসমক উন্নত ৰাজ্য কৰাৰ সপোন যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখিছে তেওঁৰ প্ৰতি আমাৰ পুতৌ ওপজিছে। অসম চৰকাৰে শ্ৰমিকৰ নূন্যতম মজুৰি অদক্ষ শ্রমিকৰ বাবে ৩৩৭ ৫৮ টকা নিৰ্ধাৰণ কৰিছে যদিও এই ৰান্ধনীসকলক নিজৰেই নিৰ্ধাৰিত নিৰিখতকৈ ১১ গুণ কম মাননি দি থকাতো চৰম দুর্ভাগ্যজনকা ৰান্ধনীসকলে দিনটোৰ বাবে ঘৰৰ ‘পৰা ওলাই গৈ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰান্ধি-বাঢ়ি শ শ শিশুক পৰিৱেশন কৰিবলগীয়া হয়। শিশুৰ স্বাস্থ্যত পোনপটীয়াকৈ প্ৰভাৱ পেলাব পৰা এই কাম কিমান গুৰুত্বসহকাৰে ৰান্ধনীসকলে কৰিবলগীয়া হয়, সেই কথা আম আদমি পার্টীয়ে অনুধাৱন কৰে। সেয়ে বছৰ বছৰ ধৰি চৰকাৰৰ বঞ্চনাৰ বলি হোৱা অসমৰ ১ লাখ ১৮ হাজাৰগৰাকী ৰান্ধনীক শীঘ্ৰে ন্যায্যতা প্ৰদান কৰিবলৈ আম আদমি পার্টীয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওচৰত দাবী জনায়।