গীতিকবিতা – ৰুমী কলিতা দত্ত

গীতিকবিতা
ৰুমী কলিতা দত্ত
কি মায়া সানিলা
তুমি মোৰ বহনা
বুকুত জুই জ্বলিছে আজি।
মনে মনে চালোঁ
#হিয়াৰ কথা কলোঁ
বিহু লৈ আহিলা  সাজি ।
মূগাৰে সাজতে
বিহুৰে তলিতে
ফুল হৈ ফুলিছা তুমি
ঢোলৰ গুমগুমালে
পেঁপাৰ সুৰ তুলিলে
তোমাকে চোন গৈছে চুমি।
পিৰীতি পিৰীতি
কিনো এই পিৰীতি
প্ৰাণতে উমি উমি জ্বলে ,
চকুৰে পাকতে
দেহাটি উতলে
কথাতে চোন মন পিছলে।
অ মোৰে বহনা
মোৰ চকুলৈ চোৱানা
আবেগে উপচে হিয়া,
মনৰে ভিতৰত
কি আছেনো কোৱানা
হ’বনে দুয়োৰে বিয়া ।