ডবকাত ঈদৰ দিনাৰ পৰাই নিৰুদ্দেশ পাঁচজনকৈ শিশু

ডবকাত ঈদৰ দিনাৰ পৰাই নিৰুদ্দেশ পাঁচজনকৈ শিশু

ৰঙিলী বাৰ্ত্তাসেৱা-  ঈদৰ আনন্দ-উল্লাসৰ মাজতে ডবকাত চাঞ্চল্যকৰ ঘটনা। ঈদৰ দিনাৰ পৰাই নিৰুদ্দেশ পাঁচজনকৈ শিশু। দুদিন অতিক্ৰম হোৱাৰ পিছতো পাঁচটাকৈ শিশুৰ কোনো শুংসূত্ৰ নোপোৱাত হাহাকাৰ লাগিছে পিতৃ-মাতৃৰ লগতে আত্মীয়ৰ। চাৰিওফালে বিচাৰ-খোঁচাৰ কৰি বৰ্তমানলৈকে লাভ কৰা নাই কোনো শুংসূত্ৰ। তথ্য অনুসৰি, ডবকাৰ সদৰগাঁৱৰ শিশুকেইটিয়ে ঈদৰ দিনা ফুৰিবলৈ গৈছিল আৰু তেতিয়াৰ পৰা কোনো শুংসূত্ৰ পোৱা নাই। ঘটনাক লৈ আটাইকেইজন শিশুৰ সন্ধান বিচাৰি ডবকা থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে।