মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত  গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

Pc wikipedia

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত  গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হয় ঐতিহাসিক ৰংঘৰ প্ৰকল্পৰ চূড়ান্ত ৰূপ দিয়াৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, ৰাজহ মন্ত্ৰী যোগেন মহন, জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া, আমুগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মুখ্যমন্ত্ৰীৰ উপদেষ্টা তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে ।এই বৈঠকতে অসম চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ৰংঘৰ আৰু ইয়াৰ পাৰিপাৰ্শ্বিক অঞ্চলৰ পৰ্যটনৰ বাবে কৰিবলগীয়া প্ৰকল্প সন্দৰ্ভত সবিস্তাৰে আলোচনা কৰা হয় আৰু এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰকল্পৰ সবিশেষ পাৱাৰ পইণ্ট প্ৰজেক্টৰৰ জৰিয়তে উপস্থিত বিধায়কসকলৰ আগত দাঙি ধৰা হয়। ৰংঘৰ আৰু তলাতল ঘৰৰ মাজত হ’ব নতুন পথ তথা হেৰিটেজ ৱাক। অথবা ৰংঘৰ আৰু তলাতল ঘৰক সংযোগ কৰি নিৰ্মাণ হ’ব ৰ’পৱে। এই বিষয়ে এই বৈঠকত সিদ্ধান্ত লোৱা হৈছে। সমান্তৰালকৈ বিধায়ক অখিল গগৈৰ দাবীৰ ভিত্তিত ঐতিহাসিক শিৱসাগৰত এটা বিমান বন্দৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰিয় চৰকাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে জিলাখনৰ উপায়ুক্তক বিমান বন্দৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি বিচাৰিবলৈও নিৰ্দেশনা প্ৰদান কৰিছে।