অপেক্ষা – আলতাব হুছেইন

PC - Desiring God

অপেক্ষা

 আলতাব হুছেইন

মোৰ হৃদয় ভূমিৰ
ৰৌদ্ৰোজ্জ্বল সপোনবোৰ
খৰাং বসন্তৰ এটি আবেলি
মাটিয়ে ফাট দিয়া গৰ্তত পুতি
তুমি ক’ত হেৰাই গৈছা
নিজ লক্ষ্যব্যাপী ।
তুমি গুচি যোৱাৰ যাতনাত
আঁউসীৰ প্ৰতি নিশা নিসংগতাত
বিৰহৰ চকুলোৰে নৈ বৈ
গাৰুৰ মাজত   !
নাহৰ গোলাপৰ সুঘ্ৰানত
বিচাৰি নাপাওঁ তোমাৰ সুবাস
এবাৰ আহি আমোলমোল কৰা
মোৰ এই অন্ধকাৰময় জীৱন বাট ।
ব’হাগৰ বতৰত
নিথৰ দৃষ্টিৰে
অপেক্ষা কৰি আছো তোমালৈ
কপৌ তগৰৰ দৰে ৰঙীন সাজ পিন্ধি
ব’হাগী কইনাজনী হৈ
তুমি আহিবা বুলি …. !