অনুভৱ
জোনাক নিশা আৰু স্নিগ্ধ আকাশ
য’ত ঘটে ভগ্ন হৃদয়ৰ প্রকাশ
পিছে ব্যর্থ প্রেমেও শিকাই যায়
প্রেমবিহীন যৌৱনৰ সুকীয়া আমেজ ।
মায়াবিনী মহানগৰীৰ
ৰাস্তাৰ দুয়োকাষে আকাশলংঘী অট্টালিকা
যাৰ ভিতৰত মাজনিশা বিলাতী সুৰাৰ আড্ডা
তাৰ তলত খাদ্য বিহীন নিঃকিন দৰিদ্ৰ জনতা ।
অদূৰত ম্লান পৰি হেৰাই যোৱা সপোনবোৰে
দিঠকত ভূত হয় লম্ভি বৰ কষ্ট দিয়ে
কিয় জানোঁ দুঃসাধ্য সপোনবোৰহে আমি বাচি লও ।
নিশা বাৰ বজাত ঘৰ উভতা
মদৰ ৰাগিত মজগুল পিতৃ
ঘৰুৱা দায়িত্বৰ নাই কোনো বাসনা
দেখি একমাত্র সন্তানৰ চকুপানী বয়
গোটেই ঘৰখনেই অসহ্য লগা হয় ।
শাসন আৰু শোষনৰ মাজৰ
সীমাডাল যেতিয়া হেৰাই যায়
ডেকা ল’ৰাবোৰ তেতিয়া বণলৈ যায়
মনত বিপ্লৱী গীত গায় ।
অন্ধ নির্বিকাৰ ন্যায়ৰ গৃহ
আৰু বিবেচনা হীন বিবেকহীন ভণ্ড জনতা
ডাঙৰ ৰাজনীতিকৰ ভৰি চেলেকি নিজকে ধন্য ভাবে
আজিৰ দিনৰ মেৰুদণ্ডহীন ছাত্ৰ নেতা ।
কি ভাবিছা বেকা পৃথিৱী চিধা কৰা ইমান সহজ
মূর্খৰ মাজত বুজা বুজি হোৱা ইমান সৰল
যদি হ’লে হয় পৃথিৱীয়ে জানো ইমান যুদ্ধ দেখিলে হয় ।
বোকা গছকি আহিছো দুর্ভিক্ষৰ দেশৰ মাজেৰে
জীৱনত ডাঙৰ সংগ্ৰাম কৰিছো পংগু অৱস্থাৰে ।।
দীপজ্যোতি চহৰীয়া
বাণিজ্য বিভাগ (ষষ্ঠ ষান্মাষিক)
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়