সংগ্ৰামী মন- এহিয়া আহমেদ

Pc Pinterest
সংগ্ৰামী মন
জীৱন বাটত উজুটি খাই
হতাশ নহৈ আমি আগুৱাই যাম;
আই অসমীৰ স্বাৰ্থত আমি
কৰিম সংগ্ৰাম।
ৰজাঘৰীয়াই বুলডজাৰ মাতি
ভাঙি দিয়ে সপোনৰ ঘৰখন;
তথাপি ল’ব লাগিব আমি
বাচি থকাৰ পণ।
প্ৰাপ্তি- অপ্ৰাপ্তিৰ মাজেৰে
আগুৱাই যাওঁ আহক;
কৰ্ম-সংস্কৃতিৰ জৰিয়তে আমাৰ
জীৱন হ’ব সাৰ্থক।
মুকলি আকাশৰ তলত বহি আমি
তুলি ল’ম হাতত কলম;
শিক্ষাৰ পোহৰে উজলাব
আমাৰ জীৱন, কৰি যাম সংগ্ৰাম।
ধৈৰ্য্য আৰু চেতনা শক্তি
আছে আমাৰ মাজত;
শিক্ষাৰ পোহৰে দুৰ হ’ব
আছে যত অপ-সংস্কৃতি সমাজত।
সোণ হৈ জিলিকিম এদিন
বিশ্ব- দৰবাৰত;
সফলতাই ধৰা দিব
আমাৰ ওচৰত।।
 এহিয়া আহমেদ
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী