গোলাঘাটত সদৌ অসম কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী “বহাগী বৰণ ” পালন
মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত তথা গোলাাঘাট সদৰ কবি সন্মিলনৰ সহযোগত আজি বহাগী বৰণ পালন কৰা হয়। গোালাঘাটৰ সমাজ জীৱনলৈ বিশেষভাৱে অৱদান আগবঢ়োৱা ছজন ব্যক্তিক এই বছৰৰ বহাগী বৰণ কাৰ্যসূচীৰ জৰিয়তে শ্ৰদ্ধা জ্ঞাপন কৰে ৷ সেইসকলৰ ভিতৰত আছিল শ্ৰদ্ধাৰ ৰাজুমণি বেজবৰুৱা ডাঙৰীয়া, বদন চন্দ্ৰ বৰুৱা ডাঙৰীয়া, অৰুণা বৰুৱা বৰদলৈ বাইদেউ , লনী ফুকন বাইদেউ , বিজয়লক্ষ্মী বৰুৱা বাইদেউ আৰু দ্বীপেন দত্ত ডাঙৰীয়া ৷ তেখেতসকলক এখনি গুৱাৰে সেৱা জনাই এখন গামোচা , কিতাপৰ টোপোলা আৰু সম্বৰ্ধনা পত্ৰৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷ আমাৰ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াই সভাপতি কমলাক্ষী দত্ত , কুম কুম চাংমাই, জুৰি সন্দিকৈ ,মণ্টু মৰাণ , মঞ্জু মণি শইকীয়া , প্ৰিন্সি প্ৰিয়া ফুকন , নিৰু নাথ , মৃগাংক বৰুৱাই ।
