ৰাজ্যৰ ডেৰ শতাধিক স্থানত যুৱ মৰ্চাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে ডেৰ শতাধিক স্থানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয় । উল্লেখযোগ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষত ৬এপ্ৰিল ৰ পৰা ১৪এপ্ৰিল লৈকে “সামাজিক ন্যা়য় সপ্তাহ” ৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ উদ্যোগত কেতবোৰ সেৱামূলক কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। আজি ৰাজ্যৰ উঞ্চল্লিছ খন বিজেপিৰ সাংগঠনিক জিলাত ১৬৭ টা স্থানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যালয়ৰ পৰা প্ৰেৰিত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰে যে, সমগ্ৰ ৰাজ্যতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ জৰিয়তে প্ৰায় এক তেৰ সহস্ৰাধিক গ্ৰামাঞ্চলৰ লোক উপকৃত হয়। আনহাতে সামাজিক ন্যায় সপ্তাহ ৰ লগত সংগতি ৰাখি যুৱ মৰ্চাৰ ৩৯ খন জিলা সমিতিৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সহ ভোজ ৰ আয়োজন কৰা হৈছে।বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ বাগানপাৰা মণ্ডলত ভাৰতীয় জনতা যুৱ মৰ্চা, বাক্সা জিলাৰ উদ্যোগত “সামাজিক ন্যায় সপ্তাহ” উপলক্ষে অনুষ্ঠিত “চিকিৎসা শিবিৰ”ত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাই উপস্থিত হৈ চিকিৎসা শিবিৰৰ পৰিদৰ্শন কৰাৰ লগতে ৰোগীসকলৰ খবৰ লয় আৰু একাংশ ৰোগীৰ উন্নত চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। ৰাজ্যিক সভাপতি বৰুৱাৰ সৈতে উপস্থিত থাকে যুৱ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি দ্বয় জোনজ্যোতি কাশ্যপ আৰু ধ্ৰুম বসুমতাৰী , ৰাজ্যিক সম্পাদক ঈশান ভৰালী , সহঃ কোষাধক্ষ্য নিতুল ঠাকুৰীয়া ,সামাজিক মাধ্যম আহ্বায়ক ঋতুপৰ্ণ ডেকা, জিলা যুৱ মৰ্চাৰ সভাপতি অঞ্জন ডেকা ।