ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰশিক্ষনৰ বাবে ৰাজ্যিক উদ্ভাৱনা আৰু  ৰূপান্তৰ আয়োগৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰশিক্ষনৰ বাবে ৰাজ্যিক উদ্ভাৱনা আৰু  ৰূপান্তৰ আয়োগৰ বুজাবুজি চুক্তিত স্বাক্ষৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  এপ্ৰিল মাহৰ ১০ তাৰিখে অসমৰ ছাত্ৰছাত্ৰী সকলক ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে এক পৰিবেশ সৃষ্টি কৰাৰ উদ্দেশ্যৰে ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগ (SITA)জনতা ভৱনস্থিত কাৰ্যালয়ত আয়োগৰ উপাধ্যক্ষ তথা প্রাক্তন সাংসদ শ্ৰীৰমেন ডেকাৰ উপস্থিতিত অসমৰ চাৰিখন বিশিষ্ট মহাবিদ্যালয় ক্রমে- গুৰুচৰণ কলেজ (শিলচৰ), বি.এন.কলেজ ( ধুবুৰী), জে.বি.কলেজ (যোৰহাট) আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ লগত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়ছাত্রছাত্রী সকলক উন্নত মানৰ প্ৰশিক্ষন দিয়াৰ উদ্দেশ্যৰে প্ৰতিখন মহাবিদ্যালয়তে একোটাকৈ কেন্দ্ৰ গঢ়ি তোলা হ’ব।  বিশেষকৈ ডিগ্রী পৰ্য্যায়ত পঢ়ি থকা ছাত্ৰছাত্ৰীৰ মাজৰপৰা আগ্রহী ছাত্রছাত্রীক কেন্দ্র সমূহে নিৰ্বাচিত কৰি উন্নত মানৰ পাঠ্যপুথি যোগান ধৰাৰ লগতে সকলো ধৰণৰ সাসুবিধা প্ৰদান কৰি প্ৰশিক্ষন দিয়াৰ যাৱতীয় ব্যৱস্থা কৰা হ’ব।  অনুস্থানত উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শ্ৰীৰমেন ডেকাই বর্তমান সময়ত এনেধৰণৰ পদক্ষেপৰ অতিকৈ গুৰুত্বপূৰ্ণ বুলি অভিহীত কৰেআয়োগৰ সহঃ উপাধ্যক্ষ শ্ৰীধ্ৰুৱ প্ৰসাদ বৈশ্যও উক্ত অনুষ্ঠানত উপস্থিত থাকে।