নিশাচৰ
নিশাৰ গভীৰত্ব…
জুখি পাইছা কেতিয়াবা ?
ফেঁচাৰ কুৰুলিয়ে
ৰহস্যময় কৰি তোলা নিশাৰ গভীৰত্ব ?
অপ্ৰাপ্তিৰ যৱানিলে
ভাঙে কেঁচা নিদ্ৰা
বিৰহৰ মালা গঁথা মলীয়াৰ অন্তৰত
হুমুনিয়াহৰ দ্ৰুত দহন
মলিয়ন পৃষ্ঠত পৰি থাকে
নিশাচৰৰ পচনশীল ভাবনা,
অস্পষ্ট, অসমাপ্ত বাক্য…
শ্বাহিনশ্বাহ ইকবাল
লক্ষীপুৰ, গোৱালপাৰা