ছুখয় যুদ্ধ বিমানৰ চালকৰ আসনত বহিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
ৰঙিলী বাৰ্ত্তাসেৱা- পুৱাই বিশেষ বিমানেৰে তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ ছুখয় 30 যুদ্ধ বিমানৰ পাইলটৰ আসনত বহিল ৰাষ্ট্ৰপতিগৰাকী। ছুখয় 30 এম কে আই যুদ্ধ জাহাজেৰে উৰা দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ল দ্ৰৌপদী মূৰ্মু ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে পুনেৰ বায়ুসেনাৰ এয়াৰ বেছৰ পৰা ছুখয় বিমানত উঠি ভ্ৰমণ কৰিছিল।আৰু যুদ্ধবিমানত উৰা দেশৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি হ’ল দ্ৰৌপদী মুৰ্মু।দ্ৰৌপদী মুৰ্মুৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালাম, প্ৰতিভা পাটিল আৰু ৰামনাথ কোবিন্দে বায়ুসেনাৰ যুদ্ধ বিমানৰ চালকৰ আসনত বহিছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰায় ২৫ মিনিট সময় ছুখয় যুদ্ধ বিমানৰ আসনত কটায়। উল্লেখযোগ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। কাজিৰঙাৰ গজ উৎসৱত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে দ্ৰৌপদী মুৰ্মুৱে।।