ৰঙিয়া মহাবিদ্যালয়ত এফ ডি পি কাৰ্যসূচীৰ সফল সামৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহাবিদ্যালয়ৰ শিক্ষা বিভাগে নতুন দিল্লী স্থিত নাক A++ গ্ৰেড প্ৰাপ্ত ৰামানুজন কলেজৰ সহযোগত ২৯ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ সাতদিনীয়া এখন অনলাইন এফ ডি পি কাৰ্যসূচী অনুস্থিত কৰে৷ “Blended learning Concepts and Tools” শীৰ্ষক বিষয়ৰ ওপৰত অনুস্থিত হোৱা কাৰ্যসূচীখনত ভাৰতবৰ্ষৰ বিভিন্ন মহাবিদ্যালয়ৰ সৰ্বমুঠ ১২৫ গৰাকী সহকাৰী/ সহযোগী অধ্যাপকে অংশ গ্ৰহণ কৰে৷ উক্ত কাৰ্যসূচী খনত ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই সঞ্চালক আৰু শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ড° হিমাক্ষী দেৱী তথা ৰামানুজন কলেজৰ ড° আশিষ শুকলাই সমন্বয়কৰ দায়িত্ব পালন কৰে৷