আপৰ সোণাৰাম খেলপথাৰ চাফ-চিকুণ কাৰ্যসূচী

আপৰ সোণাৰাম খেলপথাৰ চাফ-চিকুণ কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২ এপ্ৰিলত ভৰলুমুখস্থিত সোণাৰাম খেলপথাৰত আপ অসমৰ সংকল্প সভা অনুষ্ঠিত হৈছিল। সংকল্প সভাত সৰ্বমুঠ ১৫ হেজাৰ লোক সমৱেত হৈছিল৷ তাৰে প্ৰায় ৯ হেজাৰ দলীয় কৰ্মকৰ্তা আৰু বাকীসকল স্বতঃস্ফূৰ্তভাৱে সমৱেত হোৱা জনতা৷ সভাত খেলপথাৰখন যথেষ্ট লেতেৰা হৈছিল। সেয়েহে আজি আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডা৹ ভবেন চৌধুৰীৰ নেতৃত্বত আপৰ ৰাজ্যিক আৰু জিলাৰ একাংশ কৰ্মকৰ্তাই খেলপথাৰখন চাফ-চিকুণ কৰে।