হাটশিঙিমাৰীৰ খাৰুৱাবন্ধাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

Pc The News Minute

হাটশিঙিমাৰীৰ খাৰুৱাবন্ধাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা– হাটশিঙিমাৰীৰ খাৰুৱাবন্ধাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জন্মদাতা পিতৃৰ লাঠিৰ কোবত প্ৰাণ গ’ল এটি চাৰিমহীয়া কণমানিৰ।পিতৃৰ প্ৰহাৰত মৃত্যু হোৱা চাৰিমহীয়া শিশুটিৰ নাম ৰুমী খাতুন। ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰে হত্যাকাৰী পিতৃ আব্দুল বছিৰ শ্বেখে। জানিব পৰা মতে, স্বামী–স্ত্ৰীৰ মাজত কোনো কথাক লৈ কাজিয়া হৈছিল। খঙৰ ভমকত আব্দুল বছিৰ শ্বেখে এডাল লাঠিৰে পত্নী প্ৰহাৰ কৰিবলৈ উদ্যত হয়।পত্নীক লাঠিৰে প্ৰহাৰ কৰিবলৈ লোৱাৰ সময়তে পত্নীৰ কোলাত থকা কণমানিজনীৰ গাত লাগে লাঠিৰ কোব। যাৰ ফলত কৰুণ মৃত্যুক সাবটি লয় কণমানিজনীয়ে। এই ঘটনাৰ পিছতে জিলা দণ্ডাধীশ আৰু খাৰুৱাবান্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত কৰে। হত্যাকাৰী পিতৃ আব্দুল বছিৰ শ্বেখক আটক কৰিছে আৰক্ষীয়ে।