‘জনসেৱা’ৰ বিহু কৰ্মশালাৰ আৰম্ভ

‘জনসেৱা’ৰ বিহু কৰ্মশালাৰ আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ ধীৰেনপাৰাস্থিত স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা’ৰ উদ্যোগত চম্পাৱতী হাইস্কুল প্ৰাংগনত বিহু কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷জ্যেষ্ঠ সদস্য জ্যোতিষ চন্দ্ৰ লহকৰে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত উদ্বোধন কৰে জ্যেষ্ঠ সদস্য জ্যোতিষ ঠাকুৰীয়াই৷প্ৰশিক্ষকসকলক সম্বৰ্ধনা জনাই সম্পাদক নুৰুল হক আহমেদে৷প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ৰিতু বড়ো,কস্তুুৰী কাশ্যপ,মৃনাল দাস আদি৷কৰ্মশালাত জনসেৱাৰ কেইবাজনো সদস্য উপস্থিত থাকে৷কৰ্মশালাত প্ৰায় ৫০ জন ল’ৰা- ছোৱালীয়ে অংশগ্ৰহণ কৰে৷