১ এপ্ৰিলৰ পৰা শোণিতপুৰৰ নিচামুক্তি কেন্দ্র কার্যক্ষম
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক মাদক দ্রব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকটকীয়ে শোণিতপুৰৰ নিচামুক্তি কেন্দ্রটো পৰিদর্শন কৰে। অধ্যক্ষাগৰাকীয়ে প্রকল্প সমন্বয়ক মল্লিকা গোস্বামী আৰু বিভাগৰ কৰ্মচাৰীসকলৰ সৈতে নৱ-প্ৰজন্মৰ মাজত মাদক দ্রব্য বিৰোধী সজাগতা সৃষ্টি, নিচাসক্তক চিনাক্তকৰণ, নিচামুক্তিকৰণ আদি সন্দৰ্ভত আলোচনা কৰাৰ লগতে শোণিতপুৰৰ নিচামুক্তি কেন্দ্ৰটো অহা ১ এপ্ৰিলৰ পৰা কাৰ্যক্ষম হ’ব বুলি সদৰী কৰে। তেওঁ লগতে উল্লেখ কৰে যে স্থানীয় নিচাসক্তসকলে অহা পহিলা এপ্ৰিলৰ পৰাই নিচামুক্তি কেন্দ্ৰটোৰ জৰিয়তে চিকিৎসা সেবা গ্রহণ কৰিব পাৰিব। শোণিতপুৰৰ নিচামুক্তি কেন্দ্ৰটোৰ ঠিকনা হৈছে- নিচামুক্তি কেন্দ্ৰ, শোণিতপুৰ, মাজগাওঁ, খৰাতি, পিন-৭৮৪০০১।
