আধুনিকতাৰ প্ৰভাৱ-অনামিকা কলিতা

Pc Shaadidukaan

আধুনিকতাৰ প্ৰভাৱ

“ভালপোৱা” এটি কি মিঠা শব্দ। ভালপোৱা, মৰম অবিহনে জানো আমি জীয়াই থাকিব পাৰিম বা জীয়াই থকাটো সম্ভৱ? আমি দৈনন্দিন জীৱনত যিবোৰ কাম কৰো, সেই কামবোৰ কৰাৰ বাবে আমাক উৎসাহ যোগাই মৰম ভালপোৱাই। ভালপোৱা ই হ’ল এক জীয়াই থকাৰ শক্তি, ইন্ধন। মানুহে এজনে আনজনক দিব পৰা আটাইতকৈ মূল্যবান বস্তু হ’ল মৰম, ভালপোৱা। প্ৰেম,মৰম, ভালপোৱাত থাকে এক অপৰিসিম শক্তি।
কিন্তু আজিৰ নতুন প্ৰজন্ম, যুৱ- যুৱতীসকলে যেন হেৰুৱাই পেলাইছে “প্ৰেম” ভালপোৱা ৰ সঠিক অৰ্থ। ধৈৰ্য্য হেৰুৱাই পেলাইছে অধিকাংশই। বিয়া হৈছে আৰু (Divorce) বিবাহ বিচ্ছেদ হৈছে। প্ৰেম বিবাহ (Love marriage) হৈছে অথচ বিয়াৰ এবছৰ নৌহওঁতেই বিবাহ বিচ্ছেদ।মৰম, ভালপোৱা বোৰ ইমান ক্ষন্তেকিয়া কিয় হৈ গৈছে বাৰু ? আমাৰ আইতাহত, মা –হতৰ দিনততো টেলিফোন, মোবাইলৰ যোগাযোগ নাছিল, জন্মকুন্দুলীও ছাগে বিয়াৰ আগত দেখুওৱা নাছিল, ছাগে কিছুমানে বিয়াৰ দিনাহে নিজৰ দৰা (আপোন মানুহ) জনক দেখিছিল । তথাপি কিমান ধুনীয়াকৈ নিয়াৰিকৈ চলি গৈছিল সংসাৰ । আজিকালি তো প্ৰেম বিবাহ (Love marrage ) বিলাক advance হৈ থাকে । Arrange marrage বিলাকো বিয়াৰ আগত অলপ, চলপ ফ্ৰি হৈয়ে যায় ।
কিন্তু এই যে মৰমৰ বান্ধোন বিলাক কিয় ইমান ঠুনুকা হৈ যাব ধৰিছে । মাক – দেউতাক বিলাকেও যেন ল’ৰাৰ ঘৰে লৰাক চাপৰ্ট’ কৰে আৰু ছোৱালীৰ ঘৰখনে ছোৱালীজনীক চাপৰ্ট’ কৰে মানে ছোৱালীজনীক কাষত (ওচৰত ) ৰাখিব বিচাৰে । কিন্তু ইমানতেই সমস্যাৰ সমাধান নহয় । আজি কালি সম্বন্ধ ব্যৱসায় হৈ গৈছে । সম্বন্ধ ব্যৱসায় নহয়, সম্বন্ধৰ মাজত অভাৱ হৈছে ।আজি কালি সমন্ধৰ মাজত স্বাৰ্থ থাকে । সকলোতকৈ ডাঙৰ মলম হৈছে “প্ৰেম”। য’ত কোনো স্বাৰ্থ নাথাকে । আকৌ প্ৰেম কৰক য’ত দৈৱিক দেৱ – দেৱতাসকলে কৰিছিল । য’ত কোনো স্বাৰ্থ নাছিল, কেৱল “প্ৰেম” । সহ্য কৰিব পৰাতো কোনো Negative নহয় । আজি কালি পিতৃ-মাতৃয়েও ল’ৰা ছোৱালীক শিকাই সহ্য নকৰিবি। সহন কৰিব পৰা শক্তি যিমানেই থাকিব সিমানেই আমাৰ মাজত বুজা-বুজি (Understanding )থাকিব ।মানে মোৰ বুজা-বুজি (Understanding)বেছি । যিমানেই আমি Understanding কৰিম সিমানেই আমাৰ আন্তৰিক শক্তি বাঢ়ি যাব । মৰম – ভালপোৱা কোনো বজাৰত কিনিব পৰা সামগ্ৰী নহয় । ‘প্ৰেম’ এক স্বৰ্গীয় অনুভূতি । থাক ভাষাৰে বুজাব নোৱাৰি কেৱল অনুভৱ কৰিব পাৰি ।যি আজি নতুন প্ৰজন্মই পাহৰি গৈছে । হয়তো আৰু বিপথলৈ যাব । প্ৰেম মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুভূতি । এই অনুভূতি অবিহনে সৃষ্টি নাই । এই অনুভূতি অবিহনে মানুহৰ জন্মও নহয় ।।

অনামিকা কলিতা