বসন্ত আহিল
ৰামেশ্বৰ নাথ
কোনেও নেদেখা সেই বাটেৰে
ফাগুন আহি উভতি গ’ল
তাৰ নিৰ্দিষ্ট ঠিকনালৈ ।
শিলা বৃষ্টিক লগত সাৰথি কৰি
বসন্ত আগমনৰ বাতৰি লৈ
ফাগুনৰ পিছে পিছে বৰদৈছিলাই
পাহাৰ ভৈয়াম একাকাৰ কৰি
দেশ বিদেশ ভ্ৰমিলে ।
ঠাই ভেদে ঘৰ-দুৱাৰ, গছ-গছনি ভাঙি
দি থৈ গল বসন্তৰ বাতৰি ।
বসন্ত আগমনৰ বাতৰি পায়
ফাগুনত লথঙা হোৱা
প্ৰকৃতিয়ে পুনৰ প্ৰাণ পালে ।
নগ্ন ডালত কোমল কুহিপাতেৰে
আকাশলৈ চাই মেলি দিলে তাৰ দুহাত ।
ইমান দিনে উৰুখা হৈ থকা
প্ৰকৃতি পুনৰ সেউজীয়া হ’ব ধৰিলে ।
বিৰিখৰ ডালত কপৌ ফুলি
বহাগীক আদৰৰাৰ প্ৰস্তুতি কৰিলে ।
গাঁৱে ভুৱে ঢোলৰ চাপৰে ৰজনজনাই
হেঁপাহৰ ৰঙালীৰ আখৰা চলালে ।