ধিক্কাৰ ছেবা-দ্বীপশিখা শৰ্মা 

Pc Guwahati Plus

ধিক্কাৰ ছেবা

দৰমহা লোৱাৰ অধিকাৰ নাই ছেবা কৰ্তৃপক্ষৰ।ৰক্ষকেই ভক্ষক হোৱাৰ বাবে ই ফাদিল হৈছে প্ৰশ্ন কাকত। অসমৰ ৪লাখ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত বহিছিল। এতিয়া ইখনৰ পিছত সিখন কাকত লিক হৈছে। কিন্তু এবাৰ হ’লেও ভাবি চাইছেনে এই ছাত্ৰ ছাত্ৰী সকলৰ মানসিক স্থিতিৰ কেনেকুৱা অৱস্থা হৈছে গৈ। ছেবা কৰ্তৃপক্ষই উঠি অহা দেশৰ ভবিষ্যতক লৈ হেতালি খেলিছে। মেট্ৰিক পাতিব নোৱাৰা চৰকাৰক ধিক্কাৰ দিছোঁ। মেট্ৰিক পাতিব নোৱাৰা চৰকাৰক ধিক্কাৰ দিছোঁ। নলব যদি আপোনালোকৰ নৈতিকতা অলপ হ’লেও আছে দৰমহা ন’লব ছেবা কৰ্তৃপক্ষই।  বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত । ছেবা কিমান বিশ্বাসী?  অসমত থাকি মাতৃভাষী হৈও আজি নিজৰ আইৰ মুখৰ ভাষাৰ কাকততেই দৰ দাম।(৫০০-১০০০)লৈকে।  এইয়াই নেকি স্বচ্ছ নিকা অসম?  এইয়াই নেকি হিমন্ত চৰকাৰৰ উঠি অহা প্ৰজন্মৰ প্ৰতি থকা দায়িত্ব?
দ্বীপশিখা শৰ্মা 
নগাঁও