প্ৰেছ বিজ্ঞপ্তি

Pc Northeast Live

প্ৰেছ বিজ্ঞপ্তি

ৰঙিলী বাৰ্ত্তাসেৱা- এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্রদ্বয় ড০ সঞ্জু বৰুৱা আৰু ইমদাদ হুছেইনে কয় যে – উত্তৰ পূৰ্বাঞ্চলৰ কয়লাৰ ওপৰত বহিৰাগত বণিয়াৰ কৃপ দৃষ্টি সদায় পৰি অহা আমি দেখি আহিছো। অসম আৰু অৰুণাচলৰ কয়লাক লৈ অসমৰ বিশেষ এচাম ব্যৱসায়ীয়ে একচেতিয়া আইনী আৰু বেআইনী ব্যৱসায় কৰি আহিছে। এনেকৈয়ে যোৱা কেইবা দশক ধৰি কয়লাৰ ওপৰত শোষণ চলাই অসম তথা চুবুৰীয়া ৰাজ্যত কেইবাটাও ভূৱা আৰু অসৎ কোম্পানী গঢ় লৈ উঠি ক’ল ইণ্ডিয়াক প্ৰতাৰণা কৰি বিপথগামী কৰি তুলিছে। শেহতীয়াভাৱে এটা বৃহৎ অনিয়ম উদ্ঘাটন হৈছে। এই অনিয়ম এক বৃহৎ কেলেংকাৰীলৈ ৰূপান্তৰ হোৱাৰ প্ৰতিক্ৰিয়াত বুলি ‘নিউজ লণ্ড্ৰি ‘ ( News Laundry) নামৰ এটা সংবাদ প্রতিষ্ঠানে প্ৰচাৰ কৰিছে। ক’ল ইণ্ডিয়াই ২০২২ চনত অসম অৰুণাচল সীমান্তত অৱস্হিত ‘নামচিক নামফুক’ নামৰ কয়লা খনিত খনন কাৰ্য্যৰ বাবে নিবিদা গ্ৰহণ কৰিছিল আৰু ‘প্লেটিনাম এলয়জ’ নামৰ এটা ব্যৱসায়ীক প্ৰতিষ্ঠানক উক্ত খননৰ বাবে দ্বায়িত্ব অর্পণ কৰিছিল। কিন্তু উক্ত প্রতিষ্ঠানে নির্দেশনা লাভ কৰাৰ পাছত ক’ল ইণ্ডিয়াক দিব লগীয়া আমানত ধন তেওঁলোকে জমা নিদিলে। ক’ল ইণ্ডিয়াই ‘প্লেটিনাম এলয়জ’ ক দিয়া নির্দেশনাটো নাকচ কৰি পুনৰ নিবিদা আহবান কৰে । দ্বিতীয়বাৰ নিবিদা আহবান কৰাৰ পাছত দেখা গল যে প্লেটিনাম এলয়জ নামৰ প্ৰতিষ্ঠানটোৱে পুনৰ নিবিদাত অংশ গ্ৰহণ কৰিছে। তেওঁলোকৰ উপৰিও নিবিদাত অংশ গ্ৰহণ কৰে ‘আসাম মিনাৰেল ডেভেলেপমেন্ট কৰ্পৰেচন’, ‘ক’ল প্লাচ প্রাইভেট লিমিটেড’, ‘অৰুণাচল প্ৰদেশ কৰ্পৰেচন প্রাইভেট লিমিটেড’, ‘প্রাচী ইনফ্ৰা এও ৰ’ড প্রাইভেট লিমিটেড’ আৰু ‘ষ্টাৰ চিমেন্ট’ | এইবাৰ কয়লা খননৰ নিৰ্দেশনা লাভ কৰে ক’ল প্ৰাচ প্রাইভেট লিমিটেড নামৰ ব্যৱসায়ীক প্রতিষ্ঠানটোৱে। উল্লেখ্য যে ক’ল প্লাচ প্রাইভেট লিমিটেডৰ লগত জড়িত মহালক্ষ্মী প্ৰ’পৰ ভিতৰুৱা সম্পর্ক আছে। এই মহালক্ষ্মী গ্রুপেই বিজেপি দলক ৭,৪৫, ০১০০০ (সাত কোটি পঞ্চরিচ লাখ এক হাজাৰ টকা) দান বৰঙণি দিয়া বুলি সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। এই খিনিতে উল্লেখ কৰিব পাৰি যে ৰতন শৰ্মা নামৰ এজন কয়লা ব্যৱসায়ী আটাইকেইটা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ আঁৰৰ ব্যক্তি বুলি সংবাদ প্রতিষ্ঠানটোৱে কৈছে। কাৰণ ৰতন শৰ্মা ২০০৭ চনৰ পৰা ২০১৩ চনলৈকে সত্যম প্ৰ’পৰ অধ্যক্ষআছিল। আনহাতে তেওঁ প্লেটিনাম এলয়জ নামৰ কোম্পানীটোৰো সঞ্চালক। প্লেটিনাম এলয়জ ১৫,৫০০ অংশীদারিত্ব ক্রয় কৰে এচ.এম.এছ স্পেল্টার্চ প্রাইভেট লিমিটেডে। সেই মর্মে প্লেটিনাম এলয়জৰ ৬৯.০৬ শতাংশ মালিকানা লাভ কৰে এচ.এম.এছ স্পেল্টাৰ্চ প্রাইভেট লিমিটেডে। যা মালিক ৰতন শৰ্মা বুলি সংবাদ প্রতিষ্ঠানটোৱে দাবী কৰি কয় যে ক’ল প্লাচ প্রাইভেট লিমিটেড আৰু প্লেটিনাম এলয়জৰ বৃহৎ অংশৰে মালিক উক্ত ৰতন শৰ্মা নামৰ ব্যক্তিজন। অর্থাৎ পুনৰবাৰ নামচিক নামফুকৰ কয়লা খনিৰ খনন কাৰ্য্যত নিৰ্দেশনা বেনামীকৈ ঘূৰাই পকাই উক্ত ৰতন শৰ্মাই লাভ কৰি ক’ল ইণ্ডিয়াক প্ৰতাৰণা কৰি অসম আৰু অৰুণাচলৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰিছে। যিটোৰ পৰা অসম অৰুণাচলৰ অৰ্থনৈতিক কাঠামো বহিৰাগত বণিয়াক লুণ্ঠনৰ ক্ষেত্ৰ হৈ পৰিছে বুলি আমি কব বিচাৰো আৰু ক’ল ইণ্ডিয়াই দিয়া নিৰ্দেশনা বাতিল কৰিবলৈ দাবী জনাওঁ কাৰণ পূৰ্বৰ নিৰ্দেশনা বাতিল হোৱা প্লেটিনাম এলয়জ আৰু ক’ল প্লাচ প্রাইভেট লিমিটেড নামৰ দুয়োটা প্ৰতিষ্ঠানৰ আঁৰৰ ব্যক্তি ৰতন শৰ্মাই ক’ল ইণ্ডিয়াক প্ৰতাৰণা কৰাৰ বিষয়টো চিবিআইৰ দ্বাৰা তদন্ত কৰি অসমৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰাত প্ৰতিবন্ধকতা লগাবলৈ কংগ্ৰেছ দলৰ তৰফৰ পৰা দাবী জনোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ মুখৰাত্রদ্বয় ড০ সঞ্জু বৰুৱা আৰু ইমদাদ হুছেইনে সংবাদমেলত জনায়।