গৰৈমাৰী আঞ্চলিক সাহিত্য সভাৰ অধিৱেশনৰ সামৰণি

গৰৈমাৰী আঞ্চলিক সাহিত্য সভাৰ অধিৱেশনৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ অন্তৰ্গত “গৰৈমাৰী আঞ্চলিক সাহিত্য সভা” (স্বৰ্ণ শাখা)ৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনখনি গৰৈমাৰী টাউন ক্লাব প্ৰাংগণত অনুষ্ঠিত হৈ যায় । পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি ৰফিক চৌধুৰীয়ে । বৃক্ষৰোপণ কৰে অধ্যাপক নুৰুজ্জামান হক আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ পৰিচালন সঞ্চালক আতোৱাৰ ৰহমানে । ইয়াৰ পিছতে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয় । শোভাযাত্ৰা মুকলি কৰে অধ্যাপিকা কাঞ্চন চৌধুৰীয়ে । দিনৰ ভাগত মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাছেম আল আমানৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত আলোচক হিচাপে অংশ লয় মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ছাদিকুল ইছলাম আৰু কবি প্ৰভাত চন্দ্ৰ দাসে । সন্মিলনত দীপক শৰ্মা, নুৰ নাহাৰ জিয়া, ছামছুল আলম ভূঞা, হানিফ আলী, মিজানুল হক, হাফিজুৰ ৰহমান, ছামছুল হক, আনোৱাৰ হুছেইন, জহিৰুল ইছলাম আহমেদ প্ৰমুখ্যে কবিসকলে কবিতা পাঠ কৰে । বিয়লি মুকলি সভা শাখা সাহিত্য সভাৰ সভাপতি ৰফিক চৌধুৰীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । অধ্যাপিকা বেগম ৰুণা লাইলা মজুমদাৰৰ বৰগীত পৰিৱেশনৰে শুভাৰম্ভ কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখা সভাৰ সম্পাদক আব্দুছ ছালামে । “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক সমবেত সংগীতেৰে আৰম্ভ হোৱাত মুখপত্ৰ “গৰৈমৰীয়া” উন্মোচন কৰি বিশিষ্ট কথাশিল্পী তথা সাৰোদ বাদক তৰুণ চন্দ্ৰ কলিতাই কয়- “সাহিত্যই সমাজত নিৰ্ণায়ক ভূমিকা ল’ব পাৰে । জাতিৰ উন্নয়নত ভাষা-সাহিত্য উন্নতি হ’ব লাগিব ।” শাখা সভাৰ দ্বাৰা প্ৰকাশিত অন্যান্য গ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য ড০ গণেশ্বৰ চহৰীয়াই কয়- “প্ৰেম-মমতা-দয়াৰ মনোভাৱ থাকিলে অনুপম সাহিত্য সৃষ্টি হয় ।” আন এগৰাকী উন্মোচক মাদ্ৰাছা শিক্ষা বোৰ্ড, অসমৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক কাইউম আল আমানে কয়- “বৌদ্ধিক ভাৱে অতি শক্তিশালী হ’ব লাগে । আমি সকলোৱে দায়বদ্ধশালি হৈ গভীৰ ভাৱে গ্ৰন্থ অধ্যয়ন কৰিব লাগে ।” সভাত মুখ্য অতিথি বিশিষ্ট বুদ্ধিজীবী হাইদৰ হুছেইনে কয়- “চৰ -চাপৰিৰ পৰা অনেক লেখক-লেখিকা, শিল্পী, অধ্যাপক, অধিবক্তা ওলাইছে । অসমীয়া জাতি গঠনত চৰ-চাপৰিৰ ভূমিকা অনবদ্য ভূমিকা আছে ।” সভাৰ বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা কবি দীপক শৰ্মাই কয়- “অসম সাহিত্য সভাই প্ৰতিটো জাতি-জনগোষ্ঠী, চৰ-চাপৰিক আগবঢ়াই নিবলৈ অপ্ৰাণ চেষ্টা কৰিব । ভাষাকে আদি সকলো দিশ সামৰি সাহিত্য সভাই প্ৰায় দিশ উন্নয়নত গুৰুত্ব দিছে । সমন্বয়-সংহতিয়ে সমাজ উন্নয়নত অৰিহণা যোগায় । আমি যোগাত্মক চিন্তাৰে আগুৱাই যাব লাগিব ।” সভাত অৱসৰপ্ৰাপ্ত জিলা বন বিষয়া প্ৰহ্লাদ বড়ো, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ খবিৰ উদ্দিন আহমেদ, সোণতলী সাহিত্য সভাৰ সভাপতি ছামছুল আলম ভূঞা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি সন্মানিত অতিথি হিচাপে অংশ লয় । সন্ধ্যা সাংস্কৃতিক অনুষ্ঠান উন্মোচন কৰে অধ্যাপিকা বেগম ৰুণা লাইলা মজুমদাৰ আৰু শিক্ষয়িত্ৰী শেৱালি কলিতাই । ইয়াৰ পিছতে বিচিত্ৰ অনুষ্ঠান অনুষ্ঠিত হয় ।