পঞ্চ শ্বহীদ গোচৰৰ ন্যায়িক যুঁজাৰুসকলক অজাপৰ সম্বৰ্ধনা

পঞ্চ শ্বহীদ গোচৰৰ ন্যায়িক যুঁজাৰুসকলক অজাপৰ সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চ শ্বহীদৰ ন্যায়িক যুঁজখন আগবঢ়াই নিয়া ২৯ বছৰীয়া যাত্ৰাত প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ বাহিৰেও আন যিসকলে বিভিন্ন প্ৰকাৰে অৰিহণা আগবঢ়াইছিল, সেইসকলক আজি সম্বৰ্ধনা জনায় অসম জাতীয় পৰিষদে৷ গুৱাহাটীৰ অসম সাহিত্য সভা চৌহদত অৱস্থিত লক্ষীৰাম বৰুৱা সদনত আয়োজিত এটা অনুষ্ঠানত মূল গোচৰীয়া জগদীশ ভূঞা, গোচৰটোৰ তিনিগৰাকী অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰণৱানন্দ পাঠক আৰু পৰী বৰ্মন, সেই সময়ৰ তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে প্ৰফুল্ল কুমাৰ গোস্বামী আৰু নিৰঞ্জন বৰুৱাক ফুলাম গামোছা, চেলেং চাদৰ আৰু মানপত্ৰৰে অভিবাদন জনায়৷ সেই সময়ৰ তালাপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক গোস্বামী, পোষ্টমৰ্টেম কৰা চিকিৎসক ডাঃ হেমন্ত কুমাৰ মহন্ত, নাৱৰীয়া দূৰ্গা ওৰাং আৰু বাগানৰ চকীদাৰ শংকৰ ৰায় অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰাত তেওঁলোকক ঘৰলৈ গৈ অভিবাদন জনোৱা হ’ব বুলি দলৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰে৷ অনুষ্ঠানটোত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে এই সকলো ব্যক্তিয়ে সেনাৰ তীব্ৰ হেঁচাত বিচলিত নহৈ চি বি আই, আদালত, সেনাৰ আদালত আদি বিভিন্ন মঞ্চত সাক্ষ্য দি বিৰল সাহসিকতা আৰু জাতীয় দায়িত্ব পালন কৰিছিল৷ গতিকে এইসকলক তেওঁলোকৰ অৱদানৰ স্বীকৃতি হিচাপে সন্মান প্ৰদৰ্শন কৰাটোও এটা জাতীয় দায়িত্ব৷ পাঁচোটা শ্বহীদ পৰিয়ালৰ সদস্যৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি মূল গোচৰীয়া জগদীশ ভূঞাই কয় যে অধিবক্তাৰ পৰা আৰক্ষী বিষয়ালৈ, চিকিৎসকৰ পৰা নাওৰীয়ালৈ কেইবাগৰাকী ব্যক্তিৰ অৱদান অবিহনে এই যুঁজ সম্ভৱ নহ’লগৈহেতেন৷ আদালতৰ ৰায়টোক ন্যায় প্ৰাপ্তি বুলি কব নোৱাৰি বুলি উল্লেখ কৰি ভূঞাই কয় যে তৎস্বত্বেও এই ৰায়টোয়ে এইটো প্ৰমাণ কৰিলে যে সেনাই এন্কাউন্টাৰত নিহত হোৱা বুলি দাবী কৰা পাঁচোজন যুৱক নিৰ্দোষী আছিল৷ জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্যই কয় যে ন্যায় প্ৰাপ্তি তেতিয়াহে হ’লহেতেন যদিহে আদালতে হত্যাকাৰী সেনা বিষয়াৰ দৰমহা বা পেন্সনৰ পৰা ক্ষতিপূৰণৰ ধন আগীয়া দিবলৈ নিৰ্দেশ দিলেহেতেন৷ পাঁচজন যুৱকৰ পৰিয়ালক প্ৰকৃত ন্যায় দিব নোৱাৰাটো ভাৰতীয় আইন ব্যৱস্থাৰ ব্যৰ্থতা বুলি ভট্টাচাৰ্যই মত প্ৰকাশ কৰে৷ আজিৰ সভাখনত বিশিষ্ঠ বুদ্ধিজীৱীদ্বয় ডঃ অপূৰ্ব কুমাৰ বৰুৱা আৰু ময়ুৰ বৰায়ো ভাষণ দিয়ে৷