২০০ মিটাৰ দৌৰত হিমাৰ স্বৰ্ণজয়

Pc Olympics

২০০ মিটাৰ দৌৰত হিমাৰ স্বৰ্ণজয়

ৰঙিলী বাৰ্ত্তাসেৱা-  তিৰুৱনন্তপুৰমৰ লক্ষ্মীবাই নেচনেল কলেজ অৱ ফিজিকেল এডুকেচনত অনুষ্ঠিত ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ ইভেণ্টত হিমা দাসে ২০০ মিটাৰ দৌৰত স্বৰ্ণপদক অৰ্জন কৰে।৫ গৰাকী খেলুৱৈৰ মাজত হৈছিল ফাইনেল খেলখন।খেলখনত ২৩.৭৯ ছেকেণ্ডৰ ভিতৰত হিমাই ৰাউণ্ড সম্পূৰ্ণ কৰি স্বৰ্ণ পদক অৰ্জন কৰে। হিমাই মহাৰাষ্ট্ৰৰ নিকটতম প্ৰতিদ্বন্দ্বী ঐশ্বৰ্য কৈলাস মিশ্ৰ (২৪.৮১) আৰু কেৰালাৰ ভি কে বিস্মায়া (২৪.৮২)ক পিছ পেলাই মহিলাৰ ২০০ মিটাৰত সোণৰ পদক অৰ্জন কৰে।