প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্নকাকত ফাদিলৰ লগতক শাস্তিৰ লগতে গ্ৰেপ্তাৰৰ দাবী
ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ চ’চিয়েল মিডিয়া আৰু আই টি বিভাগৰ উদ্যোগত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চ’চিয়েল মিডিয়াত #AssamHSLCpaperLeak শীৰ্ষক এক trending চলোৱা হয়। এই trending ৰ জৰিয়তে বাৰে বাৰে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে এটাও পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা অসম চৰকাৰৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰনোজ পেগুৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী জনোৱা হয়। লগতে SEBA ৰ অধ্যক্ষৰ লগতে প্ৰশ্ন কাকত ফাদিল কাৰ্যত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায়।
