উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ ঘোচখোৰ কৰ্মচাৰী
ৰঙিলী বাৰ্ত্তাসেৱা- উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ ঘোচখোৰ কৰ্মচাৰী ।মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল আৰু গাঁও প্রধানক এগৰাকী মহিলাৰ পৰা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত অভিযোগ মতে কলাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ভেহগুৰি গাঁৱৰ ৰাণু বালা দাস নামৰ বিধৱা মহিলা এগৰাকীয়ে পুত্ৰৰ নামত মাটি নামজাৰি কৰিবৰ বাবে গেৰুৱা- টোকনকাটা-ভেহগুৰি গাঁৱৰ লাট মণ্ডল কনক চন্দ্ৰ বৰুৱাক অনুৰোধ কৰাত দহ হাজাৰ টকা উৎকোচ দাবী কৰে। সেই অনুসৰি মহিলাগৰাকীয়ে পাঁচ হাজাৰ টকা দিবলৈ ৰাজী হয় যদিও ছয় হাজাৰ টকা লাগিব বুলি কৈ স্থানীয় গাঁও প্ৰধানৰ লগত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে। মণ্ডলগৰাকীৰ পৰামৰ্শ মতে ৰাণু বালা দাসে গাঁও প্রধান দিলীপ বৰাৰে যোগাযোগ কৰি আজি প্ৰথম পৰ্যায়ত লাট মণ্ডল কনক চন্দ্ৰ বৰুৱা আৰু গাঁও প্রধান দিলীপ বৰাক ৪,৫০০ টকা উৎকোচ দিবলৈ আহে। ইপিনে উৎকোচ লৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই লাট মণ্ডল আৰু গাঁও প্রধান দুয়োকে হাতে-লোটে গ্রেপ্তাৰ কৰে। স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও লাট মণ্ডল কনক চন্দ্ৰ বৰুৱাক হৰিশিঙা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত অৱস্থাত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

