ফাকুৱাৰ পৰা কথমপি ৰক্ষা
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
ক’ত কি হৈছে?
অ’ বৰুৱানী শুনিছানে,বৰুৱানী…!
–ইমানকৈ কিয় চিঞৰিছে,মই এখেতৰ বাবে চাহ কৰি আছিলোঁ।
–চাৰিওফালে ইমান হুলস্থূল হৈছে তুমি শুনা নাই নেকি।
–অ’ ক’ত শুনা পাম হয়,এখেতে টিভি চাই আছিল।
–অ’
অ’বৰুৱানী ব’লাচোন দুয়োজনী গৈ চাই আহোঁগৈ।
বৰুৱানী আৰু শইকীয়ানী গৈ হুলস্থূলীয়া পৰিৱেশৰ ওচৰ পালেগৈ।চাৰিওফালে ঘেৰি থৈছে একো দেখা পোৱা নাই।বাৰে বাৰে চাব বিচাৰিছে যদিও ভিৰৰ পৰা একো দেখা পোৱা নাই।তেনেতে কোনোবাই কাষতে কথা পাতি থকা শুনা পালে।সৰু সৰু ল’ৰা এজাকে ফাকুৱা খেলি থাকোতে এটা ল’ৰাৰ চকুত ফাকুৱাৰ গুৰি সোমোৱাত চকুৰে দেখাত অলপ অসুবিধা হৈছে।কথাবোৰ শুনা পাই বৰুৱানী আৰু শইকীয়ানীৰ দুয়োজনীৰে বুকু ধপধপাবলৈ ধৰিলে।যিহেতু দুয়োজনীৰ সন্তানে ফাকুৱা খেলিবলৈ ৰাতিপুৱাতে ঘৰৰ পৰা ওলাই আহিছিল।এজনীয়ে কৈছে মোৰ ল’ৰাটোৱে নেকি কি হ’ব এতিয়া।আনজনীয়ে কৈছে মোৰ ল’ৰাটো যদি হয় শইকীয়াই মোৰ পিঠিতে ঢোল বজাব।দুয়োজনীয়ে আৰু ৰৈ নাথাকি ভিৰৰ মাজতে তৰানৰা ছিঙি আগুৱাই গ’ল।গৈ দেখা পালে সৰু সৰু এজাক ল’ৰা।তাতে বৰুৱানী আৰু শইকীয়ানীৰ পুত্ৰও আছে।বৰুৱানীৰ পুতেকক এজন মানুহে সাৱটি ধৰি আছে।নিশ্চয় ফাকুৱা গুৰি চকুত সোমোৱা ল’ৰাটো বৰুৱানীৰ পুত্ৰই হ’ব।বৰুৱানীয়ে কান্দিবলৈ ধৰিছে।তেনেতে এগৰাকীয়ে মাত লগালে,বহুত বেছি একো হোৱা নাই।অলপ ফাকুৱা গুৰি ছিটিকি সোমাইছিল।মই চকু দুটা ভালকৈ ধুৱাই দিলোঁ,এতিয়া চিন্তাৰ কাৰণ নাই।সি চকুৰে আগৰ দৰেই ভালক দেখা পাইছে।আপুনি কন্দাকটা বাদ দিয়ক।ফাকুৱা খেলোঁতে যাতে সাৱধান হয় তাৰ বাবে ভালকৈ বুজনি দিব নিজৰ সন্তানক।সকলোবোৰ ঠিকে আছে বুলি জানিব পাৰি গাঁৱৰ মানুহবোৰ ঘৰাঘৰি গুচি গ’ল।মানুহৰ সমাগম কমি যোৱাত গাঁৱৰে এজন ব্যক্তিয়ে আটাইকেইটা শিশুক ওচৰতে বহোৱাই মৰমেৰে বুজাই দিলে।শুনা মাইনাহঁত, ফাকুৱা ৰঙৰ উৎসৱ।এই ৰঙৰ উৎসৱটিত ৰং ধেমালি কৰি স্ফূৰ্তি কৰিব পাৰা।কিন্তু মনকৰিবা কাৰো যাতে একো ক্ষতি নহয়।নিজৰ সাৱধানতা নিজেই অৱলম্বন কৰিব লাগিব।আজি ৰিকুৰ চকুত কমকৈ ফাকুৱা ছিটিকি সোমোৱাত বৰ্তমান সুস্থহৈ আছে।বেছিকৈ সোমোৱা হ’লে কি কৰিলা হয়,ৰিকুৱে একেবাৰে চকুৱে দেখা নাপালেহেঁতেন।যিকোনো কাম কৰোতে মাৰ্জিতভাৱে কৰিব লাগে।সদায় প্ৰতিটো কাম কৰোতে মনত ৰাখিবা যাতে একো অসুবিধাৰ সন্মুখীন নোহোৱা।এইবুলি কৈ অভিভাৱকৰ হাতত আটাইকেইটা শিশুক গতাই দিলে।আৰু মাক-বাপেকেয়ো শিশুক চোকা নজৰ দিবলৈ অনুৰোধ জনালে।আজিৰ শিশু কাইলৈ আমাৰ ভৱিষ্যৎ।সিঁহতক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব।সিঁহতক সকলো ক্ষেত্ৰতে সুপৰিপক্ক কৰি তুলিব লাগিব।কিবা এটা কৰিব যোৱাৰ আগত বা ক’ৰবালৈ যোৱাৰ আগত পিতৃ-মাতৃয়ে দৃষ্টি ৰাখিব লাগিব।আৰু কি কৰিলে কি হয় তাৰ জ্ঞানেৰে পৰিপুষ্ট কৰি গঢ়ি তুলিব লাগিব। বৰুৱানী আৰু শইকীয়ানীয়ে সন্তানক সুস্থ ৰূপত পাইহে স্বস্তিৰ নিশ্বাস ঘূৰাই পালে।বৰুৱানীয়ে কৈছে,আজি যদি বেছিকৈ আঘাতপ্ৰাপ্ত হোৱা হ’লে কিযে হ’লহেঁতেন।ইমানতে ৰক্ষা পৰিল ভগৱানে চকু মেলি চালে।আজিৰ পৰা ল’ৰাক খেলিবলৈ দিম কিন্তু জনাই দিম ফাকুৱাৰ লগত বেছি ধেমালি কৰিলে কি বিপদৰ সন্মুখীন হ’ব লগা হয়।
