আৱেগৰ ফাগুন – প্ৰাণ প্ৰতিমা বড়া

PC - Shutterstock

আৱেগৰ ফাগুন

প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী

ফাগুন মানেই যেন উতনুৱা বা । ফাগুনে সলনি কৰে বতৰৰ পৰিধি। শীতৰ সামৰণিতে যেন ফাগুনৰ আগমন । কোনোবা কবিৰ কতনা প্ৰেমৰ কবিতা সৃষ্টিৰ উৎস এই ফাগুন। ফাগুনৰ আগমনত কোনোবাজনৰ আকৌ বিষাদৰ কবিতাৰ সৃষ্টি হয়। ধূলিময় প্ৰকৃতিৰ বুকুত এজাক বৰষুণৰ আগমনে সেউজীয়াৰ বুকুত প্ৰাণ ঢালি গোৱা এটি ঋতুৰ গান এই ফাগুন। ফাগুন কেৱল এটি মাহ নহয়,ই এটা ঋতু ৷প্ৰকৃতিৰ বুকুত আবিৰ সানে ফাগুনে। পলাশ,শিমলু,মদাৰেও প্ৰেমৰ গীত জুৰে ফাগুনত ৷ পলাশ ,শিমলু,মদাৰজোপীও চঞ্চলা অনুভৱেৰে প্ৰেমৰ আদানপ্ৰদান কৰে প্ৰকৃতিৰ বুকুত। শীতে লঠঙা কৰা গছ-লতাৰ বুকুত প্ৰাণ ঢালে ফাগুনৰ প্ৰথমজাক বৰষুণে। বসন্তৰ আগমনক যি দৰে কপৌজুপিয়ে আদৰণি জনায়,ঠিক তেনেদৰে মদাৰৰ ৰঙচুৱা সাজেৰে চঞ্চলা আচৰণে ফাগুনক আদৰণি জনায় । বৰদৈচিলাও চুলি মেলি বৰ আউলি-বাউলিহৈ মাকৰ ঘৰলৈ যায়। ফাগুনৰ পৰশত প্ৰাণ পায় উঠা গছ-লতায়েও প্ৰকৃতিৰ বুকুত প্ৰেমৰ গীত জুৰে।
ফাগুন বৰ পবিত্ৰ মাহ। ফাগুনৰ পূৰ্ণিমাত দৌল উৎসৱ বৰ উলহমালহেৰে পালন কৰা হয়। হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ গোসাঁইক আবিৰেৰে সজোৱা হয়। সকলোৱ মানুহে উলহমালহেৰে এই দৌল উৎসৱ পালন কৰে।এই উৎসৱৰ লগতে আমাৰ সমাজত সকলোৱে ফাকুৱা উৎসৱ পালন কৰে। মানুহে মনৰ অৱসাদ আতঁৰাই অতি উৎসাহেৰে আৰু আনন্দেৰে এই উৎসৱ পালন কৰে। ফাগুনত শিৱ ভগৱানক শিৱৰাত্ৰি পাতি পুজা কৰা হয় ৷মানুহে ভক্তিভাৱেৰে শিৱ ভগৱানক পূজা-অৰ্চনা কৰি মনৰ দুখ-বেজাৰ আতঁৰ কৰিবলৈ চেষ্টা কৰে।মানুহৰ মনৰ আৱেগবোৰ প্ৰকৃতিৰ সৈতে জড়িতহৈ থাকে। প্ৰকৃতিৰ এই মনোমোহা পৰিবৰ্তনে মানুহৰ মনত উম্মাদনাৰ সৃষ্টি পৰে। প্ৰকৃতিৰ বুকুত যিদৰে ৰঙা,নীলা ,সেউজীয়া আদি ৰঙেৰে আবিৰ সানে ,ঠিক তেনেদৰে এই মনোমোহা পৰিবেশে মানুহৰ মনত প্ৰেমৰ জোৱাৰ তোলে।ফাগুন মানে বিচিত্ৰ । ফাগুনে কঢ়িয়াই আনে নতুনত্বক। মনৰ অৱসাদ আতঁৰ কৰি নতুনত্বক আদৰাৰ সুবিধা দিয়ে ফাগুনে। আমি সকলোৱে মিলি এটি সুন্দৰ অনুভৱেৰে ফাগুনক আকোঁৱালি লোৱাৰ প্ৰয়াস কৰা উচিত। হত্যা,হিংসা আদি অপৰাধ মানসিকতা নাশ কৰি এজনে আনজনক ভাতৃত্ববোধেৰে শান্তিৰ আবিৰ সানিবলৈ চেষ্টা কৰোঁ আহক । ফাগুনে কঢ়িয়াই আনক সুখৰ আৰু শান্তিৰ বতৰা।