ৰঙা ৰঙা ফাগুন আহিছে-সত্যজিৎ গগৈ

Pc Provat Feri
ৰঙা ৰঙা ফাগুন আহিছে
সেউজীয়া পাতবোৰ সৰি  লঠঙা হৈছে
খোজত খৰমৰাই উঠিছে সৰাপাতবোৰ
যিদৰে বয়সে গৰকি বুঢ়া কৰে মানুহ
ডালত পৰি চিঞৰি থকা কিচিৰ মিচিৰ চৰাইবোৰে
ৰঙা ৰঙা ফাগুন আনিছে
যি মলয়াৰ বা লাগি ৰিঙা ৰিঙা হয়
চঞ্চল মনৰ উতনোৱা গা
উন্মনা হৈ পৰে ভৰ যৌৱনা দেহ। ধুলিৰে ধূসৰিত হৈ পৰে
ধোঁৱাবৰণীয়া আকাশ
মাজে মাজে মৃদু বতাহ
চৌদিশ হৈ পৰে মায়াময়
ৰিৱ্ ৰিৱ্ জিৰ্ জিৰ্ ফাগুনীয়ে
চিৰিলি চিৰিলি কলপাতৰ মালা গাঁঠে।
ৰঙা ৰঙা ফাগুন আহিছে,
আকাশ ৰাঙলী কৰি ফুলিছে
পলাশ,মদাৰ,শিমলু
উতলা ফাগুনৰ সুৱাসত
মিচিং ডেকা-গাভৰুও হয় ৰঙীন
এইয়া যে ফাগুনৰ সময়…।
সত্যজিৎ গগৈ
নাহৰকটীয়া