অব্যক্ত হৃদয়ৰ বেদনা
এছ ইছলাম, শিক্ষক
পঃ মইনবৰী,বৰপেটা
অব্যক্ত হৃদয়ৰ বেদনাত
ছটফটাই আছোঁ বিছনাত
গোলাপৰ কাঁইট হানিলা
মোৰ হৃদয় কাননত।
ফাগুনৰ পয়োভৰত
কৰিলা হৃদয় আলোকিত
সূৰুয মুখীৰ দৰে হ’লা প্ৰস্ফুটিত
মৰহি গ’লা নিমিষত।
শিমলুৰ সৰাপাতৰ দৰে
লেৰেলি গ’লা অকলশৰে
তুমি অবিহনে মোৰ
জীৱন যায় যে বিফলে।
কত আশা কৰিছিলোঁ
কত কল্পনা কৰিছিলো
মনৰ যত গুপুত বেদনা
মনতে ৰৈ গ’ল।
তুমি গ’লা মোক পাহৰি
কেনেকৈ এৰোঁ তোমাক লাহৰি
শিমলু গছৰ পাত সৰাৰ দৰে
নিথৰ হৈ পৰিলোঁ।