“পিতৃ-মাতৃ তথা গুৰু সেৱা”ৰ বেত্যেক্ৰমি কায্যসূচীৰে গোলাঘাটৰ কমাৰবন্ধা বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত পঞ্চম মান শ্ৰেণীৰ বিদায় সভা সম্পন্ন

Pc Flickr

“পিতৃ-মাতৃ তথা গুৰু সেৱা”ৰ বেত্যেক্ৰমি কায্যসূচীৰে গোলাঘাটৰ কমাৰবন্ধা বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত পঞ্চম মান শ্ৰেণীৰ বিদায় সভা সম্পন্ন

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ ভিতৰতে আগশাৰী কমাৰবন্ধা বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ বিদায় সভাত এক আদৰ্শ হিচাপে পিতৃ-মাতৃ আৰু গুৰু সেৱা অনুষ্ঠান আয়োজন কৰি পিতৃ-মাতৃক যাতে প্ৰতিদিনৰ প্ৰতিটো কথাই অৱগত কৰে তাৰ শপত বাক্য পাঠ কৰায় প্ৰধান শিক্ষক হৰেন শইকীয়াই। সন্তান আৰু পিতৃ-মাতৃৰ মাজৰ যি আত্মিক সমন্ধ সেই সমন্ধই ভৱিষ্যতে প্ৰতিজন শিশুকে সুনাগৰিক হিচাপে গঢ় দি পিতৃ-মাতৃৰ প্ৰতি দায়িত্বশীল সন্তান হিচাপে প্ৰতিস্থিত হ’ব পাৰে তাৰ বাবে স্কুল সমূহে ছাত্ৰ-ছাত্ৰীক এনে শিক্ষা দিয়াটো অতি জৰুৰী। পিতৃ-মাতৃক সেৱা কৰি শপত বাক্য লোৱাৰ পিছতে সকলো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ আঠ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক একোখনকৈ তামোল-পাণ দি গুৰু সেৱা কৰে। বিদায়ী সভাত কমাৰবন্ধা প্ৰাথমিক স্বাথ্য কেন্দ্ৰৰ স্বাথ্য বিষয় ডাঃ মৃণাল কুমাৰ বৰ্মন, কমাৰবন্ধা বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত দিগন্ত বৰা, শিক্ষয়িত্ৰী শ্ৰী যুতা জুলী বৰা উপস্থিত আছিল। প্ৰধান শিক্ষক শ্ৰী যুত হৰেন শইকীয়া জনোৱা মতে বিদ্যালয়ত বৰ্তমান দুশ ষোল্ল জন ছাত্ৰ-ছাত্ৰী আছে। উল্লেখযোগ্য যে প্ৰধান শিক্ষক হিচাবে হৰেন শইকীয়া কিছুমান ব্যতিক্ৰমী ভাল কৰ্ম কৰি বিদ্যালয় খন উজ্বলাই তোলা বাবে অঞ্চলটোৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত অতি জনপ্ৰিয় ।