প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিৰ ফলত  ৰাজ্যৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন

Pc Facebook

প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিৰ ফলত  ৰাজ্যৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন

ৰঙিলী বাৰ্ত্তাসেৱা–  নিশা অহা ধুমুহা-শিলাবৃষ্টিৰ ফলত তিনিচুকীয়া জিলাৰ কাকপথাৰ, ডিৰাক অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হোৱা‌ দেখা যায়। শিলাবৃষ্টিৰ ফলত লাজুম, চেঙেলীজান, কলিতা চুক, সৰুমছাই, ডিৰাক, ৰংপুৰীয়া ইত্যাদি গাঁও সমূহত বহু বাসগৃহৰ টিনত ছিদ্ৰ হোৱাৰ লগতে ধুমুহাৰ ফলত বহু ঠাই গছ-গছনি ভাঙি পৰা দেখা যায়। ইয়াৰোপৰি, প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত চেঙেলীজান গাঁৱৰ ৰাজহুৱা নামঘৰটোৰ টিন ফুটি বহু অনিষ্ট হোৱাও পৰিলক্ষিত হৈছে ।