খাৰাধৰাত জীৱিকা আৰু ঔদ্যোগিক বিকাশ আঁচনিৰ অধীনত বস্ত্ৰ উৎপাদন কেন্দ্ৰৰ শুভাৰম্ভ

খাৰাধৰাত জীৱিকা আৰু ঔদ্যোগিক বিকাশ আঁচনিৰ অধীনত বস্ত্ৰ উৎপাদন কেন্দ্ৰৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- জীৱিকা আৰু ঔদ্যোগিক বিকাশ আঁচনিৰ অধীনত নাবাৰ্ডৰ অৰ্থ সাহায্যত নলবাৰী জিলাৰ টিহুৰ নিচেই ওচৰৰ খাৰাধৰাত আগশাৰীৰ স্বেচ্চাসেৱী অনুষ্ঠান নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ উদ্যোগত আজি জেকাৰ্ট যন্ত্ৰৰ জৰিয়তে গামোচা, পাট আৰু কপাহী কাপোৰৰ বয়ন তথা উৎপাদনৰ প্ৰশিক্ষণ কেন্দ্ৰ এটিৰ শুভ উদ্বোধন কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানটোৰ আঁত ধৰি নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ সচিব জয়ন্ত শৰ্মাই আমাৰ মহিলাসকল আত্মনিৰ্ভৰশীল হ’বলৈ বয়নৰদৰে শিল্পক সমৃদ্ধিশালী কৰিব লাগিব বুলি কয়। অঞ্চলটোৰ ৯০ গৰাকী মহিলাক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আয়োজিত শিৱিৰটোৰ ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীয়ে বন্তি জ্বলাই দ্বাৰ মুকলি কৰে । তেওঁ ভাষণ প্ৰসংগত এই দিশত মহিলাসকলকক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে । বৰপেটা জিলা নাবাৰ্ডৰ সহকাৰী সাধাৰণ প্ৰবন্ধকএছ কে দে’ই প্ৰশিক্ষণ কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰি মহিলাসকলক দক্ষতা প্ৰদৰ্শনেৰে আত্মনিৰ্ভৰশীল হ’বলৈ আহ্বান জনায় । অঞ্চলটোৰ মহিলাসকলৰ বাবে অতি অভিলাষী এই প্ৰশিক্ষণ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰটোৰ এই বিশেষ অনুষ্ঠানটোত বৰপেটা জিলা লিড বেংকৰ প্ৰবন্ধক প্ৰমোদ কুমাৰ, হস্ততাঁত আৰু বয়ন বিভাগৰ পৰিদৰ্শক নৱ কুমাৰ চৌধুৰী, অসম গ্ৰামীন বিকাশ বেংকৰ প্ৰবন্ধক অভীক সাহা, ষাঠিশামুকা মাজৰখাট গাঁও পঞ্চায়তৰ সভাপতি মীৰা দাস, বামুণপাৰা গাঁৱৰ গাঁও প্ৰধান নিতুল কলিতা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোকে ভাগ লৈ শুভেচ্ছামূলক বাৰ্তালাপ কৰে । নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ স্বেচ্চাসেৱক ক্ৰমে গুণজিৎ শৰ্মা, ধ্ৰুৱজ্যোতি শৰ্মা, দীপিকা দাস আৰু অনামিকা দাসৰ সহযোগত হোৱা এই অনুষ্ঠানত ভাগ লোৱা মহিলাসকলে ভৱিষ্যৎ কৰ্মসংস্থানৰ বাট পোৱাৰ বাৰুকৈয়ে আশা প্ৰকাশ কৰে।