পুনৰ ৬ দিনৰ বাবে আৰক্ষী জিম্মাত বন্দনা কলিতা
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ নায়িকা বন্দনা কলিতাক আজি আদালতত হাজিৰ কৰোৱা হয়। আদালতত আৰক্ষীয়ে অধিক তদন্ত বাবে কলিতাক ৭ দিনৰ জিম্মাত বিচাৰে যদিও আদালতে ৬ দিনৰ আৰক্ষী জিম্মাৰ বাবে অনুমতি প্ৰদান কৰে। শাহুৱেক আৰু স্বামীক হত্যা কৰা বন্দনা কলিতাৰ বুধবাৰে আৰক্ষী জিম্মাৰ ম্যাদ উকলাৰ বাবে আজি গ্ৰেপ্তাৰৰ ৫ দিনৰ অন্তত আদালতত হাজৰি কৰোৱা হৈছিল। উল্লেখ্য, এমাহৰ ভিতৰত পৰিকল্পিতভাৱে দুটকৈ হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি বহিঃৰাজ্যত পেলোৱা ঘটনাক লৈ তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে। বন্দনা কলিতাই কিহৰ বাবে এনে ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও অৰ্থলিপ্সা আৰু বিলাসী জীৱনে ইয়াৰ মূল কাৰণ বুলি অনুমান কৰা হৈছে।