বিশিষ্ট কবি, গীতিকাৰ ড০ বিৰিঞ্চি কুমাৰ মেধি আৰু নাই
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বিশিষ্ট কবি, গীতিকাৰ ড০ বিৰিঞ্চি কুমাৰ মেধি আৰু নাই। গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বিশিষ্ট নৃতত্ত্ববিদগৰাকীয়ে ইহলীলা সম্বৰণ কৰে। সাহিত্য চৰ্চাৰ উপৰি এগৰাকী খ্যাতিমান শিক্ষাবিদ ৰূপেও সমাদৃত ড০ মেধি আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগৰ অধ্যাপক ৰূপে অৱসৰগ্ৰহণ কৰে। অসম আন্দোলনৰ সময়ত বিশেষ ভূমিকা পালন কৰা ড০ মেধি আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ ৰূপেও পৰিচিত আছিল। কণ্ঠশিল্পী ৰিদিপ দত্তৰ জনপ্ৰিয় গীত ‘যিদিনা মোক বিচাৰি নেপাবা’ৰ স্ৰষ্টাও আছিল ড০ বিৰিঞ্চি মেধি। তেওঁৰ মৃত্যুৱে অসমৰ সাহিত্য, সংস্কৃতি আৰু শিক্ষা জগতত গভীৰ শোকৰ ছাঁ পেলাইছে।