পুৰুষে হিংসা কৰে নে মহিলাই – শৈলেন কুমাৰ

PC - Music Grotto

পুৰুষে হিংসা কৰে নে মহিলাই

শৈলেন কুমাৰ, মিৰ্জা

সম্প্ৰতি গুৱাহাটীত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই শিহৰিত কৰিছে সমগ্ৰ ৰাজ্যক ৷ পৰকীয়া প্ৰেম আৰু ধন সম্পত্তিৰ লালসাত বন্দনা কলিতা নামৰ মহিলা গৰাকীয়ে নিজৰ স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰাটুকুৰ কৰি কাটি ফ্ৰীজত ভৰাই ৰাখি অৱশেষত মেঘালয়ৰ পাহাৰৰ তলত পেলাই দিয়ে মৃতদেহৰ টুকুৰা ৷ স্বাভাৱিকতে পুৰুষে নাৰী নিৰ্যাতন কৰা,ধৰ্ষণ কৰা লগতে ঘৰুৱা হিংসা কৰা ঘটনা আমি দেখিবলৈ শুনিবলৈ পাওঁ ৷ কিন্তু অসমত এইবাৰ মহিলাৰ হিংসাৰ বলি পুৰুষ হোৱা কাণ্ডই অচিৰেই চিন্তাত পেলাইছে সৰ্বসাধাৰণক ৷ পুৰুষৰ হিংসা প্ৰত্যক্ষ,দেহৰ বাহুবলৰ দ্বাৰা প্ৰত্যক্ষ হয়, মহিলাইও হিংসা কৰে কিন্তু সূক্ষ্মভাৱে যিটো প্ৰত্যক্ষ নহয় ৷ প্ৰকৃতিত সকলোৱে পশু হিচাপে জন্ম লয়,হিংসা,ভয়,লালসা থাকে সকলোৰে,কিন্তু দয়া,মৰম,কৰুণা শিকিবলগীয়া হয় তাৰ পাছত মানুহ হিচাপে নিজকে স্বীকৃতি দিব পৰা যায় ৷ কিন্তু আমি সকলো প্ৰায় অবিদ্যাৰ বলি,অবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰোঁ আমি য’ত কৰুণা,দয়া,মমতাৰ বিদ্যা দিয়া নহয় ৷ বস্তুবাদী আৰু ভোগবাদী প্ৰৱণতাৰ শিক্ষা দিয়া হয় ৷ অবিদ্যা মানে সাংসাৰিক ভোগ বিলাসিতাৰ মোহ ৷ কিছুমান অপৰাধৰ বাবে আইন কানুন আছে যিটো আমি সহজে প্ৰত্যক্ষ কৰোঁ কিন্তু কিছুমান অপৰাধৰ শাস্তি নাই ৷ অপৰাধ মানে হ’ল আনৰ অহিতকাৰী,যিয়ে নিজৰ হিত নেজানে সেইজনে বা সেইজনীয়ে অপৰাধ কৰে ৷অপৰাধী মনোভাৱৰ আন এক প্ৰধান কাৰক হৈছে বিজ্ঞাপন ৷ টেলিভিছনত দেখুওৱা বিজ্ঞাপন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ প্ৰয়োগ কৰা কৌশল,কামুকতাৰে ভৰা ভোগ বিলাসৰ সামগ্ৰী সমুহৰ প্ৰচাৰ বিজ্ঞাপনৰ মাধ্যমৰে,সামাজিক মাধ্যমত প্ৰচাৰ হোৱা বিজ্ঞাপন কোনো অভিনেত্ৰী অথবা অভিনেতাই বিদেশ ভ্ৰমণ কৰা দৃশ্য সহজলভ্য কিন্তু তাৰ আৰত থাকে পৰ্য্যটনৰ বৃহৎ ব্যৱসায় ৷ সম্বন্ধ এটাৰ কেন্দ্ৰত প্ৰেম থাকে কিন্তু সেই প্ৰেম যেতিয়া দূষিত হৈ বিষ হয় তেতিয়া সেই সম্বন্ধ বোজাই ৰখাৰ প্ৰয়োজনীয়তা কি? পুৰুষে হিংসা কৰিলে মাৰপিট কাজিয়া আদি হোৱা দেখা পোৱা যায় আৰু মহিলাৰ দেহবল নাই মহিলাৰ হিংসা কৰাৰ অস্ত্ৰ হ’ল নিজক ক্ষতি কৰি আনক অহিত কৰাৰ প্ৰয়াস যিটো সূক্ষ্ম প্ৰকাশিত নহয় ৷ তাৰ উদাহৰণ পাৰিবাৰিক সংঘাত ৷ বিবাহ নহোৱা পৰ্যন্ত ভাই ককাইৰ মাজত মিলাপ্ৰীতি দেখা পোৱা যায় কিন্তু বিবাহৰ পাছত সেই মিলাপ্ৰীতি ৰণক্ষেত্ৰত পৰিণত হয় ৷ বোৱাৰী আৰু শাহুৱেকৰ সম্বন্ধ আমি সাধাৰণতে টেলিভিছনৰ ধাৰাবাহিক সমুহত দেখিবলৈ পাওঁ ৷ বিবাহ যেতিয়া স্বাৰ্থৰ বাবে হয় টকা ধনসম্পত্তি যৌতুক আদি জৰিত হৈ থাকে বিবাহ কাৰ্য্যত তেতিয়া এনে নৃশংস কাণ্ড সংঘটিত হৈয়ে থাকিব, আৰু সংসাৰৰ নাশ হব ৷ জীৱনৰ উদ্দেশ্য কোনো ব্যক্তি অথবা ধনসম্পত্তি হব নোৱাৰে জীৱনৰ উদ্দেশ্য নিজক উচ্চতা দিয়াৰ বাবে ৷ গতিকে আমি নিজকে জাগ্ৰত কৰাৰ প্ৰয়োজন সচেতন কৰাৰ প্ৰয়োজন জীৱনৰ পৰা অবিদ্যাবোৰ আঁতৰাই জীৱনক উচ্চতা দিয়াৰ বাবে নিৰ্মাণ কৰাৰ প্ৰয়োজন ৷