ৰঙীন ৰামধেনু
নিতিষ্মান দাস, অষ্টম শ্ৰেণী
সৌৱা আকাশত জিলিকিল ৰামধেনু
সাত বৰণেৰে ৰঙীন হৈ জিলিকিল;
লাগিছে যেন কৃষ্ণই বজাইছে বেণু
সৰগৰ সুন্দৰী যেন নাচি আছিল।
ৰং চাবলৈ উৰিল জাক জাক পক্ষী
তাত যেন পাইছে ৰংমনোৰঞ্জন;
চৌদিশে ৰঙীন যে বিনন্দীয়া ধৰণী
মোহিত কৰিলে যেন সকলোৰে মন।
ক’ৰপৰা আহে এই ৰামধেনুখনি
তাতেই আছে লুকাই পৰম ঈশ্বৰ;
সকলোৰে দুখবোৰ যেন নিলে নাশি
চালেই যে ভাল লাগে, নালাগে ভাগৰ।
সবাতোকৈ মোহনীয়া যে ধৰিত্ৰী আই,
কিন্তু আমিবোৰে আছোঁ দুখ বিয়পাই।