প্ৰেম বনাম প্ৰলোভন – নাজমিনা মজিদ

PC-Reedsy

প্ৰেম বনাম প্ৰলোভন 

নাজমিনা মজিদ, ধুবুৰী

প্ৰেম এক স্বৰ্গীয় অনুভূতি । এগৰাকী সন্তানে যেতিয়া মাতৃ গৰ্ভত স্থিতি লয়। তেতিয়াই সন্তানটিৰ প্ৰতি মাতৃ গৰাকীৰ প্ৰেম হয় । পৃথিৱীত ভূমিষ্ঠ হোৱাৰ লগে-লগে পিতৃ-মাতৃৰ লগতে আত্মীয়স্বজন সকোলোৱে সন্তানটিৰ প্ৰতি মৰম স্নেহ উপজে । সন্তানটিওঁ পিতৃ-মাতৃক চিনি পোৱা হয় আৰু মা দেউতাৰ প্ৰতিওঁ প্ৰেম হয় । আমাৰ পিতৃ-মাতৃ সকলোৱে সন্তানটিক সৰুৰে পৰা সু-সংস্কাৰ,নীতিশিক্ষা দি ডাঙৰ কৰাৰ লগতে বন্ধুত্বৰ সম্পৰ্ক এটা গঢ় দিব লাগে । মা দেউতাই নিজৰ ল’ৰা ছোৱালীক বিশ্বাস কৰিব লাগে । মা দেউতাৰ বিশ্বাসখিনি সন্তানে ধৰি ৰাখিব লাগে । সদায় পিতৃ-মাতৃৰ প্ৰতিচ্ছবি সন্তানৰ দুচকুত থাকিব লাগে । যাতে ল’ৰা ছোৱালীৰ ভূলৰ বাবে আমাৰ পিতৃ মাতৃ সকলে দুখ নাপায় । কিছুমান অভিভাৱকে আকৌ সন্তানৰ ভূলটো লুকাই ৰাখে । এনে কৰিলে ল’ৰা বা ছোৱালীয়ে কেতিয়াওঁ শুদ্ধ পথত আহিব নাপাব । কিন্তু, আজি কালি প্ৰেম যেন এক সামগ্ৰী । বিনিময় প্ৰথাত বিক্ৰেতাই বিক্ৰী কৰিছে আৰু ক্ৰেতাই ক্ৰয় কৰিছে । প্ৰেম এক পৱিত্ৰ শব্দ । কিছুমানে প্ৰেমৰ সংজ্ঞা প্ৰয়োজন আৰু অভাৱ হিচাপে লৈ বহু নাৰী-পুৰুষে প্ৰলোভনক প্ৰশ্ৰয় দি বিপদ মাতি আনিছে । এক শ্ৰেণীৰ লোকে প্ৰলোভিত হৈ প্ৰেমক এক সামগ্ৰী হিচাপে তৰ্জুত জুখিছে । বহু ল’ৰা ছোৱালীয়ে যৌৱনৰ দুৱাৰ-ডলিত থিয় দিয়াৰ লগে লগে দেখা যায় । বেয়া সংগত পৰি ঘৰখনৰ সন্মানৰ কথা চিন্তা নকৰি অসৎ পথ বাচি লয় । অন্যহাতে, দেখা যায় আজি-কালি কিছুমান অভিভাৱক সৎ পথত সঠিক ভাৱে নচলে । প্ৰলোভিত হৈ দ্বিতীয় বিবাহ পাশত আৱদ্ধ হোৱা দেখা যায় । প্ৰেমৰ সংজ্ঞা ব্যক্তিভেদে ভিন ভিন হ’বওঁ পাৰে কিয়নো আমাৰ প্ৰত্যেকৰে দৃষ্টিকোণৰ পৰা ভিন্ন দৃষ্টিৰে চোৱা হয় । আজি কালি আন এক শ্ৰেণীৰ মানুহ যদিওঁ শিক্ষিত হ’ল মানসিকতা সলনি নহ’ল এতিয়াওঁ । ক্ষমতাশালী হৈ ক্ষমতাৰ অপব্যৱহাৰহে কৰা দেখা যায় ।প্ৰলোভনক প্ৰশ্ৰয় নিদি সকলোৱেই যদি সৎ পথত সঠিক ভাৱে চলে । মানৱ সমাজ খনত মানৱতা, নৈতিকতা, সততাৰে প্ৰেমক পৱিত্ৰ সম্পৰ্কৰ এনাজৰী বুলি ভাৱে । আমাৰ সমাজখন মানৱ সমাজ হৈ থাকিব অন্যথা দানৱ ৰূপত পৰিণত হ’ব । প্ৰেমৰ কোনো নিদিষ্ট দিন বাৰ নাথাকে । আমাৰ সচেতন সমাজে এই বিষয়ে উঠি অহা নৱপ্ৰজন্ম-যুৱপ্ৰজন্মৰ বাবে নীতিশিক্ষা দিয়াৰ প্ৰয়োজন আছে ।