হেল্থ চিটি হাস্পতালত সংবাদমেল
ৰঙিলী বাৰ্ত্তাসেৱা- হেল্থ চিটি হাস্পতালত এখনি সংবাদমেল সম্বোধন কৰে জাপানৰ স্নায়ু চাৰ্জাৰী বিভাগৰ বিশেষজ্ঞ ডাক্তৰ কাটছুমী তাকিজাৱাই লগত উপস্থিত থাকে হেল্থ চিটি হাস্পতালৰ স্নায়ুবিভাগৰ মুৰব্বী ডা: এন কে দাস। জাপানত প্ৰথমে দেখা দিয়া ময়া ময়া ৰোগ এতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। ময়া ময়া ৰোগত উত্তৰ পূৰ্বাঞ্চলৰ বহু লোক আক্ৰান্ত হৈছে। হেলথ চিটি হাস্পতালত ময়া ময়া ৰোগত আক্ৰান্ত হৈ ভৰ্তি হোৱা ৯ বছৰীয়া শিশুটিক ২০ ফেব্ৰুৱাৰীত সফলতাৰে অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপ্ৰচাৰ সফলতাৰে সম্পন্ন কৰে ডাঃ এন কে দাস আৰু তেওঁৰ দলটোৱে। অধ্যাপক কাটছুমি তাকিজাৱাও পৰ্যবেক্ষক হিচাপে অপাৰেচনত আছিল। উক্ত সংবাদমেলতে ময়া ময়া ৰোগৰ বিষয়ে বিস্তৃতভাৱে কোৱাৰ লগতে সজাগ হ’বলৈ আহ্বান জনাই বিশেষজ্ঞৰ দলটোৱে।এই বিষয়ে অবগতে কৰে হাস্পতাল খনৰ ফেচিলিটী ডিৰেক্তৰ পৰাগজ্যোতি দত্তই৷