নাৰী তথা মানৱ জাতিৰ কলংক- বন্দনা কলিতা
নাৰী- ভিন্ন সময়ত ভিন্ন ৰূপ। মা, বাই- ভনী, প্ৰেয়সী, পত্নী,শিক্ষা গুৰু ইত্যাদি। নাৰী বুলি কলে সাধাৰণতে মনলৈ আমাৰ ভালৰ বাবে কৰা শাসন, মৰম ইত্যাদিৰে পৰিপুষ্ট এক প্ৰতিচ্ছবিহে আহে। নিৰ্দয় তথা কেঁচা তেজেৰে ৰাঙলী কোনো নাৰীৰ প্ৰতিচ্ছবি আমাৰ কল্পনাৰো অতীত। কিমান পাষাণ হৃদয়ৰ হ’ব সেইজনী বন্দনা কলিতা যি নিজৰ স্বামী তথা শাহুক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটিব পাৰে।হত্যা কৰাটো দূৰৰে কথা , এগৰাকী নাৰীৰ মনলৈ তেনে চিন্তা আহিল ক’ৰ পৰা ভাবিলেও আচৰিত লাগে, নহয়নে বাৰু? ধিক বন্দনা কলিতা, ধিক সেই ক্ষণ, যেতিয়া এনে এজনী নৰ পিশাচিনীৰ জন্ম হৈছিল। হে দুৰ্ভগীয়া পিতৃ-মাতৃ তথা বন্দনা কলিতাৰ সাঙোৰ খোৱা প্ৰত্যেকজন ব্যক্তিলৈ গভীৰ সমবেদনা ব্যক্ত কৰিলো। কি এক কু-ক্ষণত বন্দনা কলিতা জন্ম হৈছিল। অন্তৰৰ পৰা নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছো যেন কোনো পিতৃ-মাতৃৰ জীৱনলৈ এনে কু-ক্ষণ নাহক য’ত বন্দনা কলিতাই কোলা শুৱনি(?) কৰে। নাৰী জাতি তথা সম্পূৰ্ণ মানৱ জাতিক কলংকিত কৰা বন্দনা কলিতা আৰু সহযোগী তথা সমপৰ্য্যায়ৰ চিন্তা/কৰ্মৰে পুষ্ট সকলোলৈ ধিক্কাৰ …. আমি আজি লজ্জিত… পশু কুলৰ সন্মুখত।
দেৱাশীষ গোস্বামী
নগাঁও