তুমি মাথোঁ মৰিচিকা- মৃদুলা বৰুৱা

Pc- istock
তুমি মাথোঁ মৰিচিকা
মৃদুলা বৰুৱা
হে মৰম
 তুমি হীনতাৰ অনুভৱে
মোৰ চৌপাশ আৱৰি‌ ধৰিছে
মনৰ হেঁপাহ
তোমাক এবাৰ চোৱাৰ
তোমাক এবাৰ কাষত পোৱাৰ
তোমাক লৈ কত যে আশা….
জী উঠা তুমি
মাজ ৰাতি
মোৰ কল্পনাৰ সাগৰত
সজীৱ হৈ পৰো মই
 সপোনৰ বাকৰিত
নিদ্ৰাহীন দুচকুত
আশাৰ উকমুকণি জাগে
জীয়া সপোনবোৰ খেদি যাওঁ
পুৱতিৰ সূৰুযে ভুমুকি মাৰে
মোৰ সপোনৰ কেনভাচত
আশাৰ তুলিকা বোৱাই
তুমি হৈ পৰা
এক উতপ্ত মৰিচিকা
আৰু মই
মৃত্যুমুখী জীৱন লৈ
পুনৰ নিসংগতাৰ বিলিচৰত
ককবকাই উঠো
মাথোঁ তুমি হীনতাৰ অনুভৱত।