দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ দৰে এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে গুৱাহাটীত

দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ দৰে এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে গুৱাহাটীত

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ দৰে এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে গুৱাহাটীত। পৰকীয়া প্ৰেমত লিপ্ত মহানগৰীৰ নুনমাটিৰ বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে মিলি শীতল মস্তিষ্কৰে স্বামী আৰু শাহুৱেকক হত্যা কৰিলে।স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক অতি নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটা টুকুৰা টুকুৰ কৰি তিনিদিন ফ্ৰীজত ভৰাই ৰাখিছিল। তাৰ পাছত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ মেঘালয়ৰ ডাউকী অঞ্চলত পেলাইছিল মৃতদেহৰ টুকুৰাবোৰ। ৩ খন গাড়ীৰে বন্দনা কলিতা, ধনজিৎ ডেকা আৰু অৰূপ ডেকাক লগত লৈ আৰক্ষীৰ এটা বৃহৎ দলে চলায় অভিযান। এতিয়াও উদ্ধাৰ হোৱা নাই বন্দনাৰ স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহ। কাইলৈ অমৰজ্যোতিৰ মৃতদেহ বিচাৰি পুনৰ অভিযান চলাব ডাউকীত। ইফালে, নিজ কন্যাই সংঘটিত কৰা এই ভয়ংকৰ কাণ্ডৰ বিষয়ে অৱগত নাছিল বন্দনা কৰিতাৰ পিতৃ। যদিহে তেওঁৰ জীয়ৰী দোষী হয় তেন্তে গুলীয়াই মৰাৰ আহ্বান পিতৃৰ। ১০ বছৰ পূৰ্বে অমৰজ্যোতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বন্দনা। বৰ্তমান পিতৃগৃহত আছিল বন্দনা। উল্লেখ্য যে, প্ৰায় ছমাহ পূৰ্বে সংঘটিত হৈছিল এই জঘণ্য ঘটনা।  ২০২২ চনৰ আগষ্ট মাহৰ পৰাই স্বামী আৰু শাহুগৰাকী নিৰুদ্দেশ হৈ আছিল। তেতিয়াই মহিলাগৰাকীয়ে মাতৃ–পুত্ৰ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল। তেতিয়া আৰক্ষী তদন্তত নামিছিল যদিও ঘটনাৰ কোনো শুংসূত্ৰ বিচাৰি পোৱা নাছিল। কিন্তু কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে শাহুৱেকৰ একাউণ্টৰ পৰা কোনো লোকে ধন উলিওৱা বুলি পুনৰ এখন এজাহাৰ দাখিল কৰে।