নলবাৰীত উন্মোচিত কৰা হ’ল অসমৰ সৰ্বোচ্চ উচ্চতাৰ শিৱ মূৰ্তি
ৰঙিলী বাৰ্ত্তাসেৱা- শিৱৰাত্ৰিৰ দিনটোতেই নলবাৰীৰ খাৰজাৰাত নিৰ্মাণ কৰা ভগৱান শিৱৰ ৯১ ফুট দৈৰ্ঘ্যৰ মুৰ্ত্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।প্ৰায় ৪০ লাখ টকা বাজেটেৰে এই মুৰ্ত্তিটো নিৰ্মাণ কৰিছে ‘মহালক্ষ্মী সঞ্চয় আৰু ঋনদান সমবায় সমিতিয়ে’।৯১ ফুট ওখ এই শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰতে ষষ্ঠতম উচ্চতাৰ মহাদেৱৰ মূৰ্তি হ’ব।নলবাৰীৰ শ্ৰী শ্ৰী বাবা দুধনাথ খাৰজাৰা আশ্ৰমৰ সমীপত এই উচ্চ শিৱ মূৰ্তিটো চিমেণ্ট আৰু শিলেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।
