শিৱসাগৰত এটা বিমানবন্দৰ বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিধায়ক অখিল গগৈৰ

Pc Wikipedia

শিৱসাগৰত এটা বিমানবন্দৰ বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিধায়ক অখিল গগৈৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰত এটা বিমানবন্দৰ’ বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিধায়ক অখিল গগৈৰ।এই সন্দৰ্ভত চচিয়েল মিডিয়াত বিধায়ক গৰাকীয়ে কয় যে,শিৱসাগৰৰ বিধায়ক হিচাপে মই শিৱসাগৰত এটা এয়াৰপ’ৰ্ট স্থাপন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰৰপত্ৰ প্ৰেৰণ কৰিছো।২০২০-২১ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত শিৱসাগৰক ‘আইকনিক চিটি’ ঘোষণা কৰা হৈছিল। শিৱসাগৰ দেশৰ এখন গুৰুত্বপূৰ্ণ ঐতিহ্য নগৰী। ৬০০ বছৰীয়া আহোম ৰাজত্বৰ এখন গুৰুত্বপূৰ্ণ ৰাজধানী।শিৱসাগৰ নগৰৰে কাষৰ চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা বাবে ইতিমধ্যে ড’ছিয়াৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।তদুপৰি শিৱসাগৰত আছে অ’এনজিচিৰ আসাম এছেটৰ মুখ্য কাৰ্যালয়।সেইফালৰ পৰা ই দেশৰে এখন গুৰুত্বপূৰ্ণ ঔদ্যোগিক নগৰ। সেয়েহে শিৱসাগৰত এটা বিমান বন্দৰ লাগে। মই প্ৰধানমন্ত্ৰীক শিৱসাগৰৰ বাবে এটি বিমান বন্দৰৰ অনুমোদন দিবলৈ তলৰ স্মাৰকপত্ৰখন প্ৰেৰণ কৰিছো।